শিমলা, ০৬ জুলাই (হি.স.)। হিমাচল প্ৰদেশত অব্যাহত আছে বাৰিষাৰ বিধ্বংসী ৰূপ। দেওবাৰে বতৰ বিজ্ঞান কেন্দ্ৰ শিমলাই জাৰি কৰা ৰেড এলাৰ্টৰ মাজতে আজি পুৱাৰে পৰা ৰাজ্যৰ অধিকাংশ অঞ্চলত ধাৰাসাৰ বৰষুণ হৈছে। মণ্ডী, কাংগৰা আৰু ছিৰমৌৰ জিলাত অতি প্ৰবল বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে শিমলা, সোলান, হামিৰপুৰকে ধৰি ৯খন জিলাত অহা ২৪ ঘণ্টাৰ বাবে ফ্লেছ বানপানীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
এই ৯ খন জিলা চাম্বা, কুল্লু, কংগ্ৰা, বিলাসপুৰ, হামিৰপুৰ, সোলান, শিমলা, ছিৰমৌৰ আৰু মাণ্ডিৰ ৰাইজক অত্যন্ত সাৱধান হোৱাৰ লগতে অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে।
মাণ্ডিত আকৌ ডাৱৰ বিস্ফোৰণ, দুটা কালভাৰ্ট উটিল
ইফালে, মণ্ডি জিলাত পুনৰবাৰ ডাৱৰ বিস্ফোৰণ হোৱাৰ ঘটনাই আতংক বিয়পাই দিয়ে। যোৱা নিশাৰ ভাগত পাধৰ মহকুমাৰ টিক্কান পঞ্চায়তৰ শিলবাধনী গাঁৱত ডাৱৰ বিস্ফোৰণ ঘটে, যাৰ ফলত স্থানীয় নলাটো পানীত বুৰ গৈছে আৰু দুটা কালভাৰ্ট জাহ যায়। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাছিল। আজি পুৱা ডি এছ পি পাধৰ দেৱৰাজে এই কথা নিশ্চিত কৰি কয় যে প্ৰশাসনৰ দলে থিতাতে ক্ষয়-ক্ষতিৰ মূল্যায়ন কৰি আছে।
যোৱা ২৪ ঘন্টাত সৰ্বাধিক বৰষুণ কাংগৰাত
বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত কাংগৰা জিলাৰ নগাৰোটা সূৰিয়ানত সৰ্বাধিক ১০২ মিলিমিটাৰ বৰষুণ হৈছে। ইয়াৰ উপৰিও উনাত ৬২ মিলিমিটাৰ, ধৰ্মশালাত ৬১ মিলিমিটাৰ, কটুয়ালা আৰু ঘমাৰুৰত ৪০-৪০ মিলিমিটাৰ, বৰথিনত ৩৮, সুজানপুৰ টিহৰাত ৩৬, ভৰুৰীত ৩৫, নাইডুনত ৩০ আৰু মাণ্ডীত ২১ মিলিমিটাৰ বৰষুণ হোৱা বুলি জানিব পৰা গৈছে।
বতৰ বিজ্ঞান বিভাগে আজিৰ বাবে কিছু ঠাইত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট জাৰি কৰাৰ বিপৰীতে ৭ জুলাইলৈ অতি প্ৰচণ্ড বৰষুণৰ বাবে কমলা ৰঙৰ সতৰ্কবাণী জাৰি কৰিছে। ৮ জুলাইৰ পৰা ১০ জুলাইলৈ হালধীয়া সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ১১ আৰু ১২ জুলাইত স্বাভাৱিক বৰষুণৰ সম্ভাৱনা আছে।
ৰাজ্যত এতিয়াও ২৬৯ টা পথ আৰু ২৭৮ টা পানী আঁচনি বন্ধ হৈ আছে
ধাৰাবাহিক বৰষুণৰ ফলত ৰাজ্যজুৰি জনজীৱনৰ বিঘিনি ঘটিছে। ৰাজ্যিক জৰুৰীকালীন অভিযান কেন্দ্ৰৰ তথ্য অনুসৰি দেওবাৰে পুৱালৈকে ৰাজ্যৰ ২৬৯টা পথ, ২৮৫টা বিদ্যুৎ ট্ৰেন্সফৰ্মাৰ আৰু ২৭৮টা খোৱাপানীৰ আঁচনি ক্ষতিগ্ৰস্ত হৈছে। কেৱল মাণ্ডী জিলাতে ২০০ টা পথ, ২৩৬ টা ট্ৰেন্সফৰ্মাৰ আৰু ২৭৮ টা পানী আঁচনি স্তব্ধ হৈ আছে। বৰ্তমান এই জিলাখনেই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত।
১৫ দিনত ৭৪ জনৰ মৃত্যু, ৩৭ জন নিৰুদ্দেশ, ৫৬৬ কোটি টকা লোকচান
ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰতিবেদন অনুসৰি ২০ জুনৰ পৰা ৫ জুলাইৰ ভিতৰত হিমাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ, ভূমিস্খলন, ক্ষন্তেকীয়া বান আৰু পথ দুৰ্ঘটনাত ৭৪ জন লোকৰ মৃত্যু হৈছে।১১৫ জন লোক আহত হোৱাৰ বিপৰীতে ৩৭ জন লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। এই সময়ছোৱাত ৰাজ্যখনৰ ৫৬৬ কোটিৰো অধিক ধনজনৰ ক্ষতি হৈছে ।
উল্লেখ্য যে যোৱা ৩০ জুনৰ নিশা ডাৱৰ বিস্ফোৰণৰ ১২টা কাণ্ডত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছিল আৰু ৩১ জন লোক নিৰুদ্দেশ হোৱাত মাণ্ডী জিলাত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। ঘৰ-দুৱাৰ, দোকান-পোহাৰ আৰু পশু ধনৰো ব্যাপক ক্ষতিসাধন হৈছে।
বৰষুণজনিত দুৰ্ঘটনাতো বহু লোকৰ প্ৰাণ হেৰুৱাইছে
পিছল পথ আৰু দুৰ্বল দলংৰ বাবে এতিয়ালৈকে পথ দুৰ্ঘটনাত ২৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে চাম্বাত ৬ জন, মাণ্ডী, বিলাসপুৰ আৰু কুল্লুত ৩ জনকৈ লোকৰ মৃত্যু হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
