নতুন দিল্লী, ০২ জুলাই (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পূৰ্বে আঠ দিনীয়া (০২-০৯ জুলাই) পাঁচখন দেশ ভ্ৰমণৰ বাবে ৰাওনা হয়। তেওঁ প্ৰথমে ঘানাত উপস্থিত হ’ব। ইয়াৰ পিছত তেওঁ ট্ৰিনিদাদ এণ্ড ট’বাগো, আৰ্জেণ্টিনা, ব্ৰাজিল আৰু নামিবিয়ালৈ যাব। ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনতো অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰস্থানৰ পূৰ্বে এক বিবৃতিত কয় যে ঘানাৰ ৰাষ্ট্ৰপতি জন ড্ৰামানী মহামাৰ আমন্ত্ৰণত ২ আৰু ৩ জুলাইত তেওঁ তালৈ ভ্ৰমণ কৰিব।
তেওঁ কয় যে ঘানা বিশ্ব দক্ষিণৰ এক মূল্যৱান অংশীদাৰ আৰু আফ্ৰিকান ইউনিয়ন আৰু পশ্চিম আফ্ৰিকান ৰাষ্ট্ৰৰ অৰ্থনৈতিক সম্প্ৰদায়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেখেতে কয় যে, মই আমাৰ বিনিময়ৰ বাবে আগ্ৰহী যিয়ে আমাৰ ঐতিহাসিক সম্পৰ্কক আৰু অধিক গভীৰ কৰা আৰু বিনিয়োগ, শক্তি, স্বাস্থ্য, নিৰাপত্তা, সামৰ্থ্য বিকাশ আৰু উন্নয়ন অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতাৰ নতুন দুৱাৰ মুকলি কৰাৰ লক্ষ্য ৰাখিছে। সহযোগী গণতন্ত্ৰ হিচাপে ঘানাৰ সংসদত ভাষণ দিয়াটো মোৰ বাবে এক সন্মানৰ বিষয় হ’ব।
—————
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
