ডেৰাডুন, ২৯ জুন (হি.স.)। উত্তৰাখণ্ডত অবিৰত বৰষুণৰ বাবে পাহাৰীয়া জিলাসমূহৰ জীৱন বিশৃংখল হৈ পৰিছে। নদী আৰু জান-জুৰি পানীৰে উপচি পৰিছে। ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৪ ঘণ্টাৰ বাবে স্থগিত ৰখা হৈছে চাৰিধাম যাত্ৰা। যাত্ৰী আৰু মানুহৰ সুৰক্ষা সন্দৰ্ভত সংশ্লিষ্ট জিলাসমূহৰ প্ৰশাসনক সতৰ্ক কৰি তোলাৰ লগতে সাহায্য আৰু উদ্ধাৰকাৰী দল সক্ৰিয় কৰা হৈছে।
গড়ৱালৰ উপায়ুক্ত বিনয় শংকৰ পাণ্ডেই এই তথ্য দিয়ে। তেওঁ কয় যে বৰ্তমানৰ বতৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে যাত্ৰীসকলৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাতে পথত আবদ্ধ হৈ থকা ভক্তসকলে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় আৰু তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যাব পাৰে।
উপায়ুক্তগৰাকীয়ে কয় যে কাইলৈ বতৰৰ পৰিস্থিতি আৰু পথসমূহ পুনৰীক্ষণ কৰি পৰৱৰ্তী ভ্ৰমণ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলি বতৰ স্বাভাৱিক নোহোৱালৈকে তীৰ্থস্থানলৈ নাযাবলৈ তেওঁ ভক্তসকলক আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
