চিৰাং, ২৯ জুন (হি.স.): অসম প্ৰদেশ তৃণমূল কংগ্ৰেছে আৰম্ভ কৰিছে মিছন বিটিআৰ। বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত বিজেপিয়ে যিটো সমষ্টিতে প্ৰাৰ্থীত্ব দিয়ে তাতেই প্ৰাৰ্থীত্ব দিব তৃণমূল কংগ্ৰেছে। বিজনীত তৃণমূল কংগ্ৰেছৰ মিছন বিটিআৰৰ অংশ স্বৰূপে জিলা কাৰ্যনিৰ্বাহক আৰু সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ সম্পাদক সঞ্জীৱ মহন্তই।
বিজনী চহৰস্থিত সমন্বয় হোটেলৰ সভাকক্ষত কালি সন্ধিয়া অনুষ্ঠিত সাংগঠনিক সভাৰ অন্তত সংবাদমেল সম্বোধন কৰে ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ নেতৃত্বই। সমষ্টিত সাংগঠনিক শক্তিৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থীত্ব দিব তৃণমূল কংগ্ৰেছে। কিন্তু বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত বিজেপিয়ে যিটো সমষ্টিতে প্ৰাৰ্থীত্ব দিয়ে তাতেই তৃণমূল কংগ্ৰেছে প্ৰাৰ্থীত্ব দিব বুলি কয় সম্পাদক সঞ্জীৱ মহন্তই। কোনো দলৰ লগত বুজাবুজি হ’ব নে নহয় এতিয়ালৈকে ঠিৰাং কৰা নাই বুলি মন্তব্য ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ। বিপিএফ আৰু ইউপিপিএলে খাল খান্দি ঘঁৰিয়াল চপাই লৈছে।
বিজেপি সৰু সৰু আঞ্চলিক দল সমূহক গ্ৰাস কৰি নিঃশেষ কৰা দল। আমি বিপিএফ আৰু ইউপিপিএলক শেষ হোৱাটো নিবিচাৰোঁ, কিন্তু ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়োই বিজেপিৰ ভৰিত ধৰি মিত্ৰতা কৰিব বিচাৰিছে এয়া শুভ লক্ষণ নহয়। সঞ্জীৱ মহন্তই কয় যে বিজেপিৰ আচল চৰিত্ৰ ৰাজ্যৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে বুজি উঠিছে। মুখ্যমন্ত্ৰীয়ে ৫ দিন নহয় নিৰ্বাচনৰ দিনলৈকে বিটিআৰত ৰাতি থাকিলেও ৰাইজে তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিব। বিটিআৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে ডাঙৰ ভূমিকা পালন কৰিব।
ইফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক কৰা ব্যৱহাৰৰ গৰিহণা দিয়ে ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সম্পাদক শিশিৰ দেৱ কলিতাই। সংবাদমেলত ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ উপ সভাপতি তথা চিৰাং জিলাৰ তত্বাৱধায়ক সহদেৱ দাস, ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সম্পাদক সঞ্জীৱ দাস আৰু শিশিৰ দেৱ কলিতা, চিৰাং জিলা টিএমচিৰ সভাপতি অনিৰ্বাণ সেন, চিৰাং জিলা যুৱ টিএমচিৰ সভাপতি উত্তম কৈৱৰ্ত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
