ৱাশ্বিংটন, ২৭ জুন (হি.স.)। ৱাশ্বিংটনে তেহৰানক আলোচনাৰ মেজলৈ অনাৰ বাবে অতি গোপনীয় কূটনৈতিক প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে। ইৰাণ আৰু ইজৰাইলত সামৰিক আক্ৰমণৰ মাজতো আমেৰিকা আৰু মধ্যপ্ৰাচ্যৰ প্ৰধান নেতাসকলে পৰ্দাৰ আঁৰত ইৰাণীসকলৰ সৈতে কথা পাতিছে। ইৰাণ আৰু ইজৰাইলৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিৰ পিছত ট্ৰাম্প প্ৰশাসনৰ বিষয়াসকলে কেইবাটাও প্ৰস্তাৱ দাখিল কৰিছে।
চিএনএন চেনেলৰ খবৰ অনুসৰি ইৰাণে হয়তো প্ৰাৰম্ভিক খচৰা প্ৰস্তাৱটো ভাল পাব। ইৰাণে অহৰহ কৈ আহিছে যে ইউৰেনিয়াম শূন্য সমৃদ্ধিৰ প্ৰয়োজন নাই। খচৰাত তেনে কৰিলে সকলো ধৰণৰ সকাহ দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। যোৱা শুকুৰবাৰে এই সন্দৰ্ভত আমেৰিকাৰ বিশেষ দূত ষ্টিভ উইটকফ আৰু হোৱাইট হাউছত উপসাগৰীয় অংশীদাৰসকলৰ মাজত ঘণ্টাৰ পিছত ঘণ্টা আলোচনা হৈছিল।
এই প্ৰস্তাৱৰ খচৰাত কোৱা হৈছে যে ইৰাণৰ নতুন অ-সমৃদ্ধি পাৰমাণৱিক কাৰ্যসূচীত ২০-৩০ বিলিয়ন ডলাৰৰ আনুমানিক বিনিয়োগ জড়িত হৈ আছে। ইয়াক কেৱল আৰু কেৱল অসামৰিক শক্তিৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হ’ব। কেৱল এয়াই নহয়, যোৱা কেইমাহমানৰ পূৰ্বৰ ৰাউণ্ডৰ পাৰমাণৱিক আলোচনাত ইৰাণৰ পাৰমাণৱিক শক্তিৰ সুবিধাসমূহত বিনিয়োগৰ বিষয়ে আলোচনা কৰা হৈছে। ট্ৰাম্প প্ৰশাসনৰ এজন বিষয়াই দাবী কৰিছে যে ইৰাণৰ সৈতে এই আলোচনাৰ নেতৃত্ব দিবলৈ আমেৰিকা সাজু।
আমেৰিকাৰ বিষয়াসকলৰ মতে ইৰাণৰ ওপৰত জাৰি কৰা কিছু নিষেধাজ্ঞা উঠাই লোৱা হ’ব। তেহৰাণক বিদেশী বেংক একাউণ্টত জমা কৰা ৬ বিলিয়ন ডলাৰৰ প্ৰৱেশৰ অনুমতি দিয়া হ’ব। যোৱা সপ্তাহত উত্থাপিত হোৱা আন এটা ধাৰণা আছিল যে উপসাগৰীয় অঞ্চলত আমেৰিকাৰ সমৰ্থিত মিত্ৰশক্তিয়ে ফৰ্ডো পাৰমাণৱিক কেন্দ্ৰৰ ঠাইত ধন দিব লাগে।
শান্তিপূৰ্ণ অসামৰিক উদ্দেশ্যত ইৰাণে নিশ্চয়কৈ পাৰমাণৱিক কাৰ্যসূচী ৰাখিব পাৰে, কিন্তু সেই কাৰ্যসূচীৰ বাবে ইউৰেনিয়াম সমৃদ্ধ কৰিব নোৱাৰে বুলি আমেৰিকাই কৈছে। ইৰাণে সমৃদ্ধ ইউৰেনিয়াম আমদানি কৰিব পাৰে বুলি আমেৰিকাই পৰামৰ্শ দিছে। বুধবাৰে ট্ৰাম্পে কয় যে অহা সপ্তাহত আমেৰিকা আৰু ইৰাণৰ মাজত বৈঠক হ’ব। অৱশ্যে ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাঘেইয়ে কয় যে তেওঁ এই আলোচনাৰ বিষয়ে অৱগত নহয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
