
কাছাৰ, ২১ জুন (হি.স.): কাছাৰ আৰক্ষীয়ে যোৱা কালি শুকুৰবাৰে বিয়লি বৃহৎ সফলতা লাভ কৰে। আৰক্ষীয়ে শিলচৰত ৫ কোটিৰো অধিক মূল্যৰ চোৰাং সামগ্ৰী জব্দ কৰে। কাছাৰৰ শিলচৰত জব্দ কৰা হয় বাৰ্মিজ চিগাৰেট সহ গডজিলা।
কলা বজাৰৰ গডজিলা (মহ’ৰ দৰব) আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰে কাছাৰ আৰক্ষীয়ে। ইয়াৰ কলা বজাৰৰ মূল্য ৫ কোটিৰ অধিক বুলি কয় কাছাৰৰ আৰক্ষী অধীক্ষক নুমল মাহাতোৱে। গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই মণিপুৰৰ পৰা ভায়া আইজল হৈ শিলচৰত সোমাইছিল এম.এন-০১এ-০৪৮৪ নম্বৰৰ যাত্ৰীবাহী বাছখন । যাত্ৰীবাহী বাছখনত অবৈধ চোৰাং সামগ্ৰী আৰু বাৰ্মিজ চিগাৰেটৰ লগতে তিনিজন সৰবৰাহকাৰীক আটক কৰে কাছাৰ আৰক্ষীয়ে ।
এই সন্দৰ্ভত আৰক্ষীয়ে এনডিপিএছ আইনৰ অধীনত গোচৰ কৰি ,আইনি প্ৰক্ৰিয়া অনুসৰি জব্দ কৰে অবৈধ চোৰাং সামগ্ৰীৰ লগতে বাৰ্মিজ চিগাৰেট তথা নিচাজাতীয় দ্ৰব্যখিনি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
