গুৱাহাটী, ২২ জুলাই (হি.স.)। মহানগৰীৰ খানাপাৰাস্থিত এমিউজমেণ্ট পাৰ্ক ড্ৰিমলেণ্ডত সংঘটিত হৈছে এক অঘটন। গৰমৰ বন্ধত বিনোদনৰ বাবে যোৱা শিশুৰ সৈতে ঘটে এক ভয়ংকৰ ঘটনা। পাৰ্কৰ খেলনা সামগ্ৰীত বিজুতি ঘটি বহু উচ্চতাৰ পৰা ছিটিকি পৰিল শিশু। ছিটবেল্ট খুলি উচ্চতাৰ পৰা ছিটিকি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শিশুটি।
গৰমৰ বন্ধৰ সময়ছোৱাত অভিভাৱকৰ সৈতে অৱসৰ বিনোদনৰ বাবে আহিছিল শিশুটি। শিশুটিৰ ঘৰ পাণ্ডুত বুলি জানিব পৰা গৈছে। সম্প্ৰতি জীৱন মৃত্যুৰে যুঁজি এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ আইচিইউত ১২ বছৰীয়া শিশুটি চিকিৎসাধীন হৈ থকা বুলি কোৱা হৈছে। জানিব পৰামতে শৰীৰৰ বিভিন্ন ঠাইত ১৪টা চিলাই পৰিছে দুৰ্ঘটনাত পতিত হোৱা শিশুটিৰ।
ইফালে দুৰ্ঘটনাটিৰ খবৰ সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক ড্ৰিমলেণ্ড কৰ্তৃপক্ষই অভব্য আচৰণ কৰাৰ অভিযোগ উঠিছে। বিষয়টোক গাপ দিয়াৰ চেষ্টা কৰি এগৰাকী সাংবাদিকক প্ৰহাৰ কৰাৰ চেষ্টা কৰাৰ লগতে সংবাদ মাধ্যমটোৰ কাৰিকৰী বস্তুৰো ক্ষতিসাধনৰ চেষ্টা চলায় বুলি অভিযোগ উঠিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
