ধুবুৰী আৰু পৰ্বতঝোৰাত অবৈধ মাটি খননৰ এক ভয়ংকৰ চক্র গঢ় লৈ উঠিছে। মাটি কঢ়িওৱা দাম্পাৰ আৰু ট্ৰেক্টৰৰ দৌৰাত্মকত সৰ্বসাধাৰণ ৰাইজ অতিষ্ঠিত। একাংশৰ অভিযোগ অনুসৰি বন বিভাগক মেনেজ কৰি গৌৰীপুৰৰ বিভিন্ন অঞ্চলত অবৈধভাৱে মাটি খনন চলি আছে। আৰক্ষী আৰু বন বিভাগৰ নীৰৱতাৰ সুযোগ লৈ অবৈধ মাটি কঢ়িওৱা বাহনৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।
BulletsIn
- অবৈধ মাটি খনন বৃদ্ধি – গৌৰীপুৰ, মটেৰঝাৰ, লালকুৰা, ৰূপচি, শিলাইৰপাৰ, দাৰচৌকা, বৰুণডাঙা আদি ঠাইত অবৈধ মাটি খনন চলি আছে।
- বন বিভাগৰ ভূমিকা সন্দেহজনক – অভিযোগ অনুসৰি বন বিভাগক মেনেজ কৰি মাটি খননৰ চক্র চলি আছে।
- বেআইনী দৌৰাত্মক – সঠিক অনুজ্ঞাপত্ৰ নথকা দাম্পাৰ আৰু ট্ৰেক্টৰৰ সংখ্যা বৃদ্ধি পাইছে।
- জনগণ অতিষ্ঠিত – দিনৰ পৰাও বনাঞ্চলিক কাৰ্যালয় আৰু আৰক্ষী থানাৰ সন্মুখেদি অবৈধ যানবাহন পাৰ হৈ গৈছে।
- আৰক্ষীয়ে বন বিভাগৰ দায়িত্ব ল’ব লগা পৰিস্থিতি – বন বিভাগ নীৰৱ থাকিলেও দাওভাঙি আৰু বালাজান আৰক্ষীয়ে অবৈধ দাম্পাৰ জব্দ কৰে।
- প্ৰকাশ পোৱা নতুন তথ্য – জব্দ কৰা বাহনৰ পিছতে এই অবৈধ ব্যৱসায়ৰ বহু গুপ্ত তথ্য পোহৰলৈ আহিছে।
- সামাজিক সক্রিয়তা বৃদ্ধি – স্থানীয় সমাজ সেৱক শিমুল সৰকাৰে অবৈধ মাটি কঢ়িওৱা বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’ব দাবী জনাইছে।
- আন্দোলনৰ হুংকাৰ – প্ৰশাসনে কোনো ব্যৱস্থা নল’লে ভয়াবহ আন্দোলনৰ হুংকাৰ দিয়া হৈছে।
- নিৰৱ প্ৰশাসন – দৌৰাত্মক বাহনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বন বিভাগ আৰু স্থানীয় প্রশাসন ধীৰগতি প্ৰদৰ্শন কৰিছে।
- সামাজিক আৰু পৰিবেশগত প্ৰভাৱ – এই অবৈধ খনন কাৰ্যই পৰিবেশ, কৃষিজমি আৰু স্থানীয় বাসিন্দাসকলৰ জীৱনযাত্রাত কুপ্ৰভাৱ পেলাইছে।
