অসমীয়া ক্লাবৰ শতবৰ্ষ উপলক্ষে শোণিতপুৰ ভাৰোত্তাল সন্থাৰ সৌজন্যত অসম ভাৰোত্তাল কল্যাণ সন্থা তথা অসম ভাৰোত্তাল সন্থাৰ কাৰিকৰী সমল ব্যক্তি সকলৰ বাবে এক বিশেষ পুনঃপ্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয়। তেজপুৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠানত শোণিতপুৰ, নগাঁও আৰু বিশ্বনাথৰ ৩০ গৰাকী কাৰিকৰী ক্ষেত্ৰৰ লোকে অংশগ্ৰহণ কৰে।
BulletsIn
- অনুষ্ঠানটি অসমীয়া ক্লাবৰ সভানেত্ৰী অৰুণা দেৱীৰ আনুষ্ঠানিক উদ্ধোধনৰ মাধ্যমে আৰম্ভ হয়।
- শৰীৰ চৰ্চাবিদ বিবূধ ডেকাই অনুষ্ঠানটো সঞ্চালনা কৰে আৰু সকলোকে সবিশেষ অৱগত কৰে।
- অসম ভাৰোত্তাল কল্যাণ সন্থাৰ সভাপতি ভৱজ্যোতি গোস্বামীয়ে মূখ্য সমল বক্তাৰ ভূমিকা পালন কৰে।
- ২০২৫ বৰ্ষৰ ৫৩ সংখ্যক ৰাজ্যিক ভাৰোত্তোলন প্ৰতিযোগিতাখন তেজপুৰত আয়োজনৰ পৰিপ্ৰেক্ষিতত এই অনুষ্ঠান অনুষ্ঠিত হয়।
- জিলা ভাৰোত্তোলন সন্থাৰ সভাপতি হিৰণ্য ভূঞাই সভাখনত আদৰণি ভাষণ প্ৰদান কৰে।
- অসমীয়া ক্লাবৰ সাধাৰণ সম্পাদিকা অনু দেৱী মহন্ত, জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি পংকজ কুমাৰ বৰা সভাত উপস্থিত থাকে।
- ৰাজ্যিক ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক মনোজ বড়ো আৰু উপ সভাপতি মিতামনি গোস্বামীয়ে অংশ লয়।
- কামৰূপ জিলা ভাৰোত্তোলন সন্থাৰ সাধাৰণ সম্পাদক বিশাল গগৈ অনুষ্ঠানত উপস্থিত থাকে।
- অসমীয়া ক্লাবৰ জ্যেষ্ঠ সদস্য চিত্তদেৱ শৰ্ম্মা, উদয় কৃষ্ণ গোহাঁই বৰুৱা সভাত উপস্থিত থাকে।
- দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই অনুষ্ঠান সফলতাৰে সম্পন্ন হয়।
