ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে। তেওঁ ইউ এছ কেপিটেল বিল্ডিঙত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছৰ সন্মুখত শপত গ্ৰহণ কৰে। উপ-ৰাষ্ট্ৰপতি হিচাপে জে ডি ভেন্সেও শপত গ্ৰহণ কৰে। শপত গ্ৰহণৰ পিছত দেশখনৰ উন্নতি, নিরাপত্তা, আৰু গৌৰৱৰ বিষয়ে বিভিন্ন দিশত কৌশলগত নীতিৰ ঘোষণা কৰে।
BulletsIn
- ড’নাল্ড ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছে।
- জে ডি ভেন্সে উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।
- দক্ষিণ সীমান্তত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দেৱাল নিৰ্মাণৰ পৰিকল্পনা ঘোষণা কৰে।
- অবৈধ অনুপ্ৰৱেশ বন্ধ কৰিবলৈ সেনা প্ৰেৰণৰ কথাও উল্লেখ কৰে।
- মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণক চৰকাৰৰ দ্বিতীয় অগ্ৰাধিকাৰ বুলি ঘোষণা কৰে।
- শক্তি সংকটৰ বাবে ৰাষ্ট্ৰীয় শক্তি জৰুৰীকালীন অৱস্থা ঘোষণা কৰে।
- লছ এঞ্জেলছৰ অগ্নিকাণ্ডৰ পৰিস্থিতি আৰু জনস্বাস্থ্য ব্যৱস্থাৰ চৰ্চা কৰে।
- চীনক প্ৰত্যাহ্বান জনাই পানামা খালৰ নিয়ন্ত্ৰণ পুনৰগ্ৰহণৰ সংকল্প প্ৰকাশ কৰে।
- যুদ্ধ বন্ধ আৰু বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস চলাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
- আমেৰিকা ফাৰ্ষ্টৰ নীতিৰে দেশক গৌৰৱান্বিত, সমৃদ্ধিশালী আৰু স্বাধীন ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প কৰে।
