ৰাৱালপিণ্ডি (পাকিস্তান), ২৭ নৱেম্বৰ (হি.স.)। পাকিস্তানৰ খাইবাৰ পখতুনখোৱা প্ৰদেশৰ দক্ষিণ ৱাজিৰিষ্টান জিলাত চোৰাংচোৱা ভিত্তিক অভিযানত নিৰাপত্তা বাহিনীৰ অভিযানত ৮টা সন্ত্ৰাসবাদী নিহত হয়। পাকিস্তান সেনাৰ মিডিয়া শাখা আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)য়ে এই তথ্য প্ৰদান কৰে।
পাকিস্তানৰ নিউজ চেনেল জিঅ’ নিউজে দেওবাৰে আই এছ পি আৰৰ বিবৃতিৰ উদ্ধৃতি দি কয় যে সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত এই জিলাৰ সাৰাৰোধা অঞ্চলত অভিযান আৰম্ভ কৰা হয়। নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এক ভয়াৱহ সংঘৰ্ষ লাগে। ইয়াৰ ফলত আঠজন সন্ত্ৰাসবাদী নিহত হয়। আই এছ পি আৰৰ তথ্য অনুসৰি নিহত সন্ত্ৰাসবাদী কেইটা নিৰাপত্তা বাহিনী আৰু নিৰীহ লোকৰ বিৰুদ্ধে কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল। এনকাউণ্টাৰ স্থানৰ পৰা অস্ত্ৰ-শস্ত্ৰ, গোলা-বাৰুদ আৰু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰা হৈছে।
জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি যোৱা সপ্তাহত উত্তৰ ৱাজিৰস্তান জিলাৰ ৰাজমাক অঞ্চলত নিৰাপত্তাৰক্ষীৰ কনভয়ৰ সমীপত এটা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আইডিডি) বিস্ফোৰণ ঘটি দুজন জোৱান শ্বহীদ হয়। শ্বহীদ জোৱান কেইজন হৈছে কাৰাক জিলাৰ লেন্স নাইক এহছান বাদশ্বাহ (৩৩) আৰু কুৰ্ৰাম জিলাৰ লেন্স নাইক সাজিদ হুছেইন (৩০) ।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ/অৰবিন্দ
