কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ অংশ হিচাপে অহা ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ কামৰূপ মহানগৰ জিলাত “প্ৰশাসন গাঁৱৰ ফালে” শীৰ্ষক অভিযান আৰম্ভ হ’ব। এই অভিযানৰ মূল উদ্দেশ্য হৈছে প্রশাসনক স্বচ্ছ, নিকাকৰণ, আৰু গণমুখী কৰি তোলাৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ সৈতে অধিক সম্প্ৰেক্ষতা স্থাপন কৰা। লগতে, ৰাজহুৱা অভিযোগ আৰু সমস্যা সমূহৰ ক্ষীপ্ৰ নিষ্পত্তি সুনিশ্চিত কৰাটোৱে এই অভিযানৰ অন্যতম লক্ষ্য।
BulletsIn
- কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ অংশ হিচাপে ১৯-২৪ ডিচেম্বৰত অভিযান আৰম্ভ।
- অভিযনৰ নাম: “প্ৰশাসন গাঁৱৰ ফালে।”
- মুখ্য উদ্দেশ্য: প্রশাসনক স্বচ্ছ আৰু নিকাকৰণৰ মাধ্যমেৰে গ্ৰামাঞ্চলৰ জনতাৰ ওচৰলৈ নিয়াৰ চেষ্টা।
- ৰাজহুৱা অভিযোগ আৰু সমস্যা সমূহৰ ক্ষীপ্ৰ নিষ্পত্তি সুনিশ্চিত কৰা।
- কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ৰাজহ চক্ৰ আৰু খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত কাৰ্যসূচী ৰূপায়ণ।
- জড়িত কাৰ্যালয়সমূহ: গুৱাহাটী, দিছপুৰ, চন্দ্ৰপুৰ, সোণাপুৰ, আৰু আজাৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়।
- চন্দ্ৰপুৰ, ডিমৰীয়া, আৰু ৰাণী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়তো বিশেষ শিবিৰ আয়োজন।
- ৰাতিপুৱা ১০ বজাৰ পৰা কাৰ্যালয়সমূহত অভিযোগ নিষ্পত্তি কার্যসূচী।
- সংশ্লিষ্ট চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া দায়িত্বত নিয়োজিত থাকিব।
- এই অভিযানৰ জড়িয়তে গ্ৰামাঞ্চলৰ জনতাৰ সৈতে গভীৰ সংযোগ স্থাপন কৰা অন্যতম লক্ষ্য।
