ধুবুৰী, ০১ মে’। অসমত মাফিয়া শাসন চলি থকাৰ অভিযোগ তুলিছে কংগ্ৰেছ পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে। তেওঁ কয় যে সকলোতে ছিণ্ডিকেট আৰু লুণ্ঠন সংঘটিত হৈ আছে। বালি ছিণ্ডিকেট, কয়লা ছিণ্ডিকেট, সুমথিৰা ছিণ্ডিকেট, আলু ছিণ্ডিকেটৰ পৰা আৰম্ভ কৰি পশু সৰবৰাহলৈকে মুকলিকৈ চলি আছে।
বুধবাৰে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ সমৰ্থনত নিৰ্বাচনী সভাত ভাষণ দিয়ে প্ৰিয়ংকা গান্ধীয়ে। প্ৰিয়ংকাই কয় যে কংগ্ৰেছৰ নিশ্চয়তা সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে। অৰ্থনৈতিক-সামাজিক ন্যায় আৰু জনসাধাৰণ আমাৰ নিশ্চয়তাক লৈ অতিশয় উৎসাহিত। বিপুল জমসমাগম দেখি উতসাহিত হৈ পৰা প্ৰিয়ংকা গান্ধীয়ে কয় যে এই পৰিৱৰ্তনৰ ঢৌ ভৱিষ্যতৰ বাবে যিয়ে প্ৰতিজন ভাৰতীয়ৰ জীৱন সলনি কৰিব। অসমৰ ৰাইজে কংগ্ৰেছ চৰকাৰ গঠনৰ সিদ্ধান্ত লৈছে।
ভাষণ প্ৰসংগত প্ৰিয়ংকাই বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰে। তেওঁ কয় যে বিজেপিৰ অহংকাৰ ইমানেই বাঢ়িছে যে আজি তেওঁলোকৰ নেতাসকলে সংবিধান সলনি কৰিম বুলি কৈছে। আমাৰ সংবিধানেই ৭৫ বছৰ ধৰি দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব, ঐক্য আৰু অখণ্ডতা বজাই ৰাখিছে। শ্ৰমিক হওক, কৃষক হওক, গাঁওবাসী হওক বা প্ৰধানমন্ত্ৰী, মন্ত্ৰী হওক, সংবিধানৰ আগত সকলোৰে সমান অধিকাৰ আছে। ৰাইজৰ হাতত ক্ষমতা ৰাখিছে। দুৰ্বলক সুৰক্ষা দিয়ে। সংৰক্ষণ দি বঞ্চিতসকলক ক্ষমতা প্ৰদান কৰে। এই অহংকাৰ জনসাধাৰণে সহ্য নকৰে।
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় যে এফালে ভাৰতীয় জনতা পাৰ্টিয়ে দুৰ্নীতিৰ বিৰুদ্ধে আলোচনা কৰে আৰু আনফালে দুৰ্নীতিগ্ৰস্ত লোকক নিজৰ দলত অন্তৰ্ভুক্ত কৰে। তেওঁ কয় যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত থকা সময়লৈকে তেওঁৰ বিৰুদ্ধে বিজেপিয়ে বহু ডাঙৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছিল যদিও বিজেপিত যোগদান কৰাৰ লগে লগে সকলো অভিযোগ নাইকিয়া হৈ গ’ল। প্ৰিয়ংকা গান্ধীয়ে কয় যে বিজেপিৰ এটা ৱাশ্বিং মেচিন আছে, য’ত দুৰ্নীতিগ্ৰস্ত লোকক সৎ কৰা হয়। এই সময়ত প্ৰিয়ংকাই কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন কৰে।
