• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইজৰাইলৰ আক্ৰমণত স্তম্ভিত ইৰাণ, পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতি
International

ইজৰাইলৰ আক্ৰমণত স্তম্ভিত ইৰাণ, পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতি

CliQ INDIA
Last updated: April 19, 2024 1:56 pm
CliQ INDIA
Share
4 Min Read
SHARE

তেহৰাণ,    ইৰাণৰ সৈতে কিছুদিন পুৰণি হিচাপ পূৰণ কৰিবলৈ ইজৰাইলে বিমান আক্ৰমণ চলাইছে। ইৰাণৰ বিমানবন্দৰত তীব্ৰ বিস্ফোৰণ সংঘটিত হৈছে। ইজৰাইলৰ মিছাইল আক্ৰমণত স্তম্ভিত হৈ পৰিছে ইৰাণ। তেওঁলোকে পাৰমাণৱিক আক্ৰমণৰ প্ৰস্তুতি আৰম্ভ কৰিছে। আমেৰিকাৰ শীৰ্ষ বিষয়াসকলৰ উদ্ধৃতি দি ইৰাণৰ ফাৰচ নিউজ এজেন্সীয়ে নিজৰ প্ৰতিবেদনত ইজৰাইলৰ আক্ৰমণৰ তথ্য প্ৰদান কৰিছে।

ইৰাণৰ ইছাফান চহৰৰ বিমানবন্দৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে বুলি দাবী কৰিছে ফাৰচ নিউজ এজেন্সীয়ে। অৱশ্যে এই বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে ইৰাণৰ বহু পাৰমাণৱিক ঘাটি ইছাফান প্ৰদেশত অৱস্থিত। ইয়াৰ ভিতৰত ইৰাণৰ ইউৰেনিয়াম সংবৰ্ধনৰ এক প্ৰধান কেন্দ্ৰও আছে। প্ৰতিবেদন অনুসৰি ইৰাণৰ আকাশমাৰ্গত বহু বিমানৰ পথ সলনি কৰা হৈছে। উল্লেখযোগ্য যে কিছুদিনৰ আগতে ইৰাণে ইজৰাইলৰ ওপৰত ৩০০ৰো অধিক ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নেৰে আক্ৰমণ কৰিছিল।

আচলতে ডামাস্কাছত থকা ইৰাণৰ দূতাবাসত আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণত ইৰাণৰ সেনাৰ দুজন শীৰ্ষ সেনাধ্যক্ষকে ধৰি ৭ জন লোক নিহত হয়। ইৰাণে ইজৰাইলৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ উত্থাপন কৰিছিল। এই আক্ৰমণৰ প্ৰত্যুত্ত জনাই ইৰাণে ইজৰাইলক আক্ৰমণ কৰে। লগতে ইজৰাইলে আক্ৰমণ কৰিলে অধিক শক্তিৰে প্ৰতিশোধ ল’ব বুলিও সকীয়াই দিয়ে।

ইৰাণ আৰু ইজৰাইলৰ মাজত উত্তেজনাৰ এই বিষয়টো ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদতো উত্থাপন হৈছে। ইৰাণৰ সেনাক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিবলৈ ইজৰাইলে দাবী জনাইছিল। এই বিষয়ে ইৰাণে আমেৰিকাক দুয়ো খন দেশৰ মাজত নাহিবলৈ কৈছিল। ৰাষ্ট্ৰসংঘৰ মহাসচিবে দুয়োখন দেশক শান্তি আৰু সংযমৰ সৈতে কাম কৰিবলৈ আহ্বান জনাইছিল। পশ্চিম এছিয়া আন এখন যুদ্ধৰ সন্মুখীন হ’ব পৰা অৱস্থাত নাই।

নিউয়ৰ্ক টাইমছে নিজৰ প্ৰতিবেদনত ইজৰাইলৰ দুজন প্ৰতিৰক্ষা বিষয়াৰ উদ্ধৃতি দি দাবী কৰিছে যে শুকুৰবাৰে পুৱাৰ ভাগত ইজৰাইল সেনাই ইৰাণক আক্ৰমণ কৰিছিল। পাঁচ দিন পূৰ্বে এই আক্ৰমণৰ প্ৰতি ইজৰাইলৰ প্ৰথম সামৰিক সঁহাৰি। ইৰাণৰ তিনিজন বিষয়াই নিশ্চিত কৰিছে যে শুকুৰবাৰে পুৱা ইৰাণৰ মধ্য ইছফান চহৰৰ ওচৰৰ সামৰিক বিমানঘাটিত এই আক্ৰমণ সংঘটিত হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। কিন্তু কোনখন দেশে এই আক্ৰমণ সংঘটিত কৰিছে সেই কথা এই বিষয়াসকলে কোৱা নাই। ইছলামিক ৰিভল্যুচনেৰী গাৰ্ডছ কৰ্পছৰ সৈতে জড়িত ইৰাণৰ সংবাদ সংস্থা ফাৰচ নিউজে কয় যে চহৰখনৰ অসামৰিক বিমানবন্দৰৰ ওচৰত বিস্ফোৰণৰ শব্দ শুনা গৈছে। এই ঘটনা সন্দৰ্ভত আনুষ্ঠানিকভাৱে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে ইজৰাইলৰ সেনাই।

কৌশলগত বিশেষজ্ঞসকলৰ মতে ইৰাণ আৰু ইজৰাইলৰ আধিপত্যৰ যুদ্ধই সংঘাত বৃদ্ধি কৰিব। ফাৰচ নিউজ এজেন্সীয়ে জনোৱা মতে, বুধবাৰে ইৰাণৰ সেনা প্ৰধান মেজৰ জেনেৰেল আব্দুল ৰহিম মৌছাভিয়ে কয় যে আক্ৰমণ হ’লে দেশখন মৌন হৈ নাথাকিব। আল জাজিৰা নিউজ চেনেলৰ তথ্য অনুসৰি এই আক্ৰমণৰ পিছত ইৰাণৰ কেইবাখনো চহৰত বিমান সেৱা বন্ধ কৰি দিয়া হয়। ছিৰিয়া আৰু ইৰাকৰ পৰাও বিস্ফোৰণৰ খবৰ আহিছে। ইজৰাইলৰ এই আক্ৰমণত ইৰাণৰ ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ দুজন জেনেৰেলকে ধৰি ১৩জন লোক নিহত হৈছে। ইৰানে তিনিখন ড্ৰ’ন ধ্বংস কৰা বুলি প্ৰকাশ কৰিছে।

ইফালে ইৰানে নিজৰ পাৰমাণৱিক নীতিৰ সংশোধনীৰ ইংগিত দিছে। পাৰমাণৱিক সুৰক্ষা আৰু নিৰাপত্তা বাহিনীৰ মুৰব্বী জেনেৰেল আহমদ হক তালাবে সকীয়াই দিছে যে ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰসমূহৰ ওপৰত টেল আভিভে আক্ৰমণৰ সৃষ্টি হ’লে তেহৰানে নিজৰ পাৰমাণৱিক মতবাদ আৰু নীতি সলনি কৰিব পাৰে আৰু ইজৰাইলৰ পাৰমাণৱিক কেন্দ্ৰসমূহকো আক্ৰমণ কৰিব পাৰে। তেওঁ কয় যে তেহৰানে ইজৰাইলৰ সকলো পাৰমাণৱিক কেন্দ্ৰ চিনাক্ত কৰিছে। তেহৰাণ টাইমছৰ মতে, ইজৰাইলে “টিট ফৰ টেট” প্ৰতিশোধৰ সন্মুখীন হ’ব লাগিব বুলি সকীয়াই দিছিল তালাবে।

 

You Might Also Like

বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দেহাৱসান
দক্ষিণ চুডানে স্বদেশলৈ প্ৰত্যাৰ্পন কৰিলে আমেৰিকাৰ পৰা বিতাড়িত মেক্সিকান নাগৰিকক
কাঠমাণ্ডুৰ হায়াট ৰিজেন্সি হোটেল অনিৰ্দিষ্টকাললৈ বন্ধ , জেন জি আন্দোলনৰ সময়ত কৰা হৈছিল ব্যাপক লণ্ড ভণ্ড
বাংলাদেশত বেনাপোল এক্সপ্ৰেছৰ অগ্নিকাণ্ডত ৪ জন লোকৰ মৃত্যু, ৮ খন ৰে'ল সেৱা বাতিল
গাজাত ইজৰাইলৰ অনাহাৰ নীতি ‘গণহত্যা’ৰ সমান: আমেৰিকাৰ সাংসদৰ অভিযোগ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দেশত পেট্ৰ’ল-ডিজেলৰ দৰ সুস্থিৰ, খাৰুৱা তেলৰ দৰ ৯০ ডলাৰৰ ওচৰত
Next Article উত্তৰ প্ৰদেশৰ আমৰোহা, সাংসদত দামোহ আৰু মহাৰাষ্ট্ৰৰ ৱৰ্ধাত আজি প্ৰধানমন্ত্ৰী মোডীৰ ৰাজহুৱা সভা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?