–মাকৈ খেতি কৰি মোনে প্ৰতি ৬৫০ টকাৰ পৰা ৭০০ টকা উপাৰ্জন
দক্ষিণ শালমাৰা মানকাচৰ,: মাকৈ খেতিৰ জৰিয়তে দক্ষিণ শালমাৰা মানকাচৰ জিলাত এক কৃষি বিপ্লৱৰ সূচনা হৈছে। পৰম্পৰা হিচাপে কৰি অহা ধান, মৰাপাটৰ খেতিতকৈ মাকৈ খেতি যথেষ্ট লাভজনক। সেয়েহে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ কৃষকসকলে এতিয়া ধান, মৰাপাট খেতিৰ পৰিবৰ্তে মাকৈ খেতিত মনোনিৱেশ কৰিছে। এইবাৰ দক্ষিণ শালমাৰা মানকাচৰ জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ৰ সহযোগত আৰকেভিৱাই ২০২৩-২৪ ৰ অধীনত প্ৰদৰ্শনীমূলকভাৱে মাকৈ খেতি কৰি উপযুক্ত লাভ আদায় কৰিৱলৈ সক্ষম হৈছে কৃষকে। ইয়াৰ জৰিয়তে কৃষকসকলো উক্ত কৃষিৰ প্ৰতি যথেষ্ট আকৃষ্ট হৈছে।
শিঙিমাৰী কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া মিঠু গগৈ আৰু কৃষি সম্প্ৰসাৰক সহায়ক আব্দুল মান্নান শেখৰ দিহা পৰামৰ্শৰে বিগত বহু কেইবছৰৰ পৰা মাকৈ খেতিৰে স্বাৱলম্বন হোৱা এগৰাকী প্ৰগতিশীল কৃষক হ”ল আব্দুল হাকিম। এইবাৰো প্ৰায় ৯ বিঘা মাটিত কৰে মাকৈ খেতি। বিগত বৰ্ষত মাকৈ খেতি কৰি আঢ়ৈলাখ টকা লাভ অৰ্জন কৰিৱলৈ সক্ষম হয় আব্দুল হাকিমে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনি লাভ কৰা যোগ্য কৃষক কৃষক আব্দুল হাকিমে কয় যে, উক্ত লাভৰ ধনৰাশিৰ জৰিয়তে তেখেতে সাৰ, বীজ, ট্ৰেক্টৰ ইত্যাদি কিনিবলৈ সক্ষম হৈছে। লগতে আব্দুল হাকিমে আশা প্ৰকাশ কৰে যে, যিহেতু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীত পশু খাদ্য মিল স্থাপন হৈছে, সেয়েহে এইবাৰ মাকৈ বিক্ৰীৰ বাবে এখন বজাৰ পাব কৃষক সকলে আৰু যথোপযুক্ত লাভ উপাৰ্জন কৰিবলৈ সক্ষম হ’ব।
দক্ষিণ শালমাৰা মানকাচৰ জিলাখন যিহেতু প্ৰধানতঃ কৃষি প্ৰধান জিলা, সেয়েহে ইয়াত সকলো কৃষকে বৰোধান, শালিধান, মাকৈ, সৰিয়হ, আলু ইত্যাদিৰ খেতি কৰি আহিছে। কিন্তু এইবাৰ দেখিৱলৈ পোৱা গৈছে যে, সৰহভাগ খেতিপথাৰ এইবাৰ মাকৈ খেতিয়ে দখল কৰিৱলৈ সক্ষম হৈছে।
