ধুবুৰী, : ধুবুৰী জিলাৰ চাপৰৰ সন্তোষপুৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায়। সোমবাৰে নিশা শালকোচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়ায় চলায় এই অভিযান। এক গোপন সূত্ৰৰ পমখেদি চাপৰৰ সন্তোষপুৰৰ অভিযান চলাই বৃহৎ পৰিমাণৰ গাঞ্জা আৰু ড্ৰাগছ সহ এজন ব্যৱসায়ীক আটক কৰে।আটকাধীন ব্যক্তিজন সন্তোষপুৰৰ বাসিন্দা জাহান আলী বুলি জানিব পৰা গৈছে।
আটকাধীন ব্যক্তিজনৰ পৰা ২৯ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ খিনিৰ ওজন প্ৰায় ১৯ গ্ৰাম বুলি জানিব পৰা গৈছে। উক্ত ঘটনা সন্ধৰ্ভত আৰক্ষীয়ে আটকাধীন ব্যক্তিজনক সোধাপোচা অব্যাহত ৰাখিছে।
