মুম্বাই, । ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৯০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে সোমবাৰে মুম্বাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৯০ টকীয়া মুদ্ৰা। ইয়াক ৪০ গ্ৰাম বিশুদ্ধ ৰূপেৰে তৈয়াৰ কৰা হয়। ইয়াৰ এটা মুদ্ৰা কিনিবলৈ আপুনি প্ৰায় ৫২০০ৰ পৰা ৫৫০০ টকা খৰচ কৰিব লাগিব। ৯০ টকীয়া ৰূপৰ মুদ্ৰাটোৰ এফালে বেংকৰ ল’গ’ ছপা আৰু আনফালে ৯০ টকা লিখা আছে।
মুদ্ৰাৰ সোঁফালে হিন্দীত ‘ভাৰত’ আৰু বাওঁফালে ইংৰাজীত ‘ভাৰত’ লিখা আছে। এই ৯০ টকীয়া মুদ্ৰাৰ ওজন হ’ব ৪০ গ্ৰাম। এই মুদ্ৰা ৯৯.৯ শতাংশ বিশুদ্ধ ৰূপেৰে তৈয়াৰ কৰা হৈছে। ইয়াৰ পূৰ্বে ১৯৮৫ চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সোণালী জয়ন্তী আৰু ২০১০ চনত আৰ বি আইৰ প্লেটিনাম জয়ন্তীতো মুদ্ৰা জাৰি কৰা হৈছে। এই নব্বৈ টকীয়া মুদ্ৰাটো ইয়াৰ মুদ্ৰা মূল্যতকৈ অধিক মূল্যত বিক্ৰী কৰা হ’ব। এই মুদ্ৰাৰ মূল্য ৫২০০ৰ পৰা ৫৫০০ টকা হ’ব বুলি আশা কৰা হৈছে। সমগ্ৰ দেশৰ বেংক কৰ্মচাৰী আৰু মুদ্ৰা সংগ্ৰাহকসকলে এই মুদ্ৰাটোক লৈ যথেষ্ট উৎসাহ প্ৰকাশ কৰিছে। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে ২০২৪ চনৰ ১৯ মাৰ্চত এই মুদ্ৰা মুকলি কৰাৰ বাবে গেজেট অধিসূচনা জাৰি কৰিছিল।
আৰ বি আইৰ ৯০ বছৰীয়া সাফল্যৰ বিষয়ে চৰ্চা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দেশৰ বেংকিং ব্যৱস্থা সবল কৰি ৰখাত আৰ বি আইৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু ডাঙৰ। আৰ বি আইৰ কাম-কাজৰ প্ৰত্যক্ষ প্ৰভাৱ দেশৰ সাধাৰণ জনতাৰ অৰ্থনীতিত পৰে। আৰ্থিক অন্তৰ্ভুক্তিৰ সুবিধাসমূহ শেষ মাইলত থকা ৰাইজলৈ সম্প্ৰসাৰণৰ ক্ষেত্ৰত আৰ বি আইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
