• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > তুৰস্কত ক্ষমতাধিষ্ঠ এৰ্দোগানৰ বিপৰ্যয়, ইস্তানবুল আৰু আংকাৰাকে ধৰি পাঁচখন ডাঙৰ চহৰৰ মেয়ৰ নিৰ্বাচনত বিৰোধীৰ জয়লাভ
International

তুৰস্কত ক্ষমতাধিষ্ঠ এৰ্দোগানৰ বিপৰ্যয়, ইস্তানবুল আৰু আংকাৰাকে ধৰি পাঁচখন ডাঙৰ চহৰৰ মেয়ৰ নিৰ্বাচনত বিৰোধীৰ জয়লাভ

CliQ INDIA
Last updated: April 1, 2024 2:53 pm
CliQ INDIA
Share
2 Min Read
SHARE

আংকাৰা, । দুটা দশকৰো অধিক সময় তুৰস্কত ক্ষমতাত থকা ৰেচেপ টৈয়প এৰ্দোগানে ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। দেওবাৰে সমগ্ৰ দেশত অনুষ্ঠিত মেয়ৰৰ নিৰ্বাচনত তেওঁৰ দল এ কে পি বিপুল পৰাজয়ৰ সন্মুখীন হৈছে। তুৰস্কৰ মূল বিৰোধী দলটোৱে ৰাজধানী আংকাৰা, ইস্তানবুল আৰু ইজমিৰকে ধৰি ৫খন ডাঙৰ চহৰত জয়লাভ কৰিছে।

তুৰস্কৰ ৰাষ্ট্ৰপতি হিচাপে তৃতীয়বাৰৰ বাবে জয়ী হোৱাৰ এবছৰৰ ভিতৰতে বৃহৎ চহৰসমূহৰ মেয়ৰৰ নিৰ্বাচনত এই পৰাজয়ে ৭০ বছৰীয়া এৰ্দোগানৰ শাসনক জোকাৰি গৈছে। আনকি ৰাজনৈতিক বিশ্লেষকসকলেও তেওঁৰ দলৰ এই পৰাজয়ত আচৰিত হৈছে। ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাৰ পিছত চহৰৰ ৰাজনৈতিক নেতৃত্বৰ ওপৰত নিজৰ আধিপত্যৰ বিষয়ে আত্মবিশ্বাসী আছিল যদিও স্থানীয় সংস্থাৰ নিৰ্বাচনত তেওঁৰ দলৰ প্ৰাৰ্থীৰ পৰাজয়ে তেওঁক দাপোন দেখুৱাইছে।

বিশেষ কথাটো হ’ল এৰ্দোগানে নিজেই ইস্তানবুলত প্ৰচাৰ চলাইছিল যদিও ইয়াত ধৰ্মনিৰপেক্ষ বিৰোধী দল চি এইচ পিৰ একৰাম ইমামোগ্লুৱে নিৰ্বাচনত জয়লাভ কৰিছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত এৰ্দোগানে ইস্তানবুলত নতুন যুগৰ সূচনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও ১ কোটি ৬০ লাখ জনসংখ্যাৰ চহৰখনে বিৰোধী দলটোৰ ওপৰত আস্থা প্ৰকাশ কৰিছিল। একেদৰে ৰাজধানী আংকাৰাত এৰ্দোগানৰ দলটোৱে এক লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হৈছে। বিৰোধী দলৰ মেয়ৰ মনছুৰ ইয়াভাছে নিজৰ প্ৰতিদ্বন্দ্বীতকৈ ইমানেই আগবাঢ়িছিল যে আধাতকৈ অধিক ভোট গণনা হোৱাৰ পূৰ্বেই তেওঁ জয়ৰ ঘোষণা কৰিছিল।

স্থানীয় নিৰ্বাচনত হোৱা দুৰ্বল প্ৰদৰ্শনক স্বীকাৰ কৰি এৰ্দোগানে কয় যে তেওঁ আশা কৰা ধৰণে নহয়। তুৰ্কীৰ টেলিভিছনত মাজনিশা দিয়া ভাষণত এৰদোগানে পৰাজয় স্বীকাৰ কৰি কয় যে তেওঁৰ চৰকাৰে জনসাধাৰণৰ ইচ্ছাক সন্মান কৰিব। আমি ৰাইজৰ ইচ্ছাক সন্মান জনাই আমাৰ ভুলৰ মূল্যায়ন কৰিম।

ইস্তানবুলৰ পৰাই এৰ্দোগানে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। ১৯৯৪ চনত এৰ্দোগানে তুৰ্কীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নেজমেটিন এৰবাকানৰ কল্যাণমূলক দলৰ প্ৰাৰ্থী হিচাপে ইস্তানবুলৰ মেয়ৰ নিৰ্বাচিত হয় আৰু ১৯৯৮ চনলৈকে এই পদত থাকে। ইয়াৰ পিছত ২০০৩ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত এই পদত তিনিটা কাৰ্যকাল কটোৱাৰ পিছত ২০১৪ চনত তেওঁ দেশৰ ৰাষ্ট্ৰপতি হয়।

শেহতীয়া পৰাজয়ৰ ফলত এৰ্দোগানৰ ৰাজনৈতিক দখল দুৰ্বল হ’বলৈ আৰম্ভ কৰিছে। তেওঁ বহুবাৰ কৈছে যে যিয়ে ইস্তানবুল জয় কৰে, তেওঁ তুৰস্ক জয় কৰে।

 

You Might Also Like

জেলেনস্কীয়ে ৱাশ্বিংটনত উপনীত হোৱাৰ ঠিক আগতে ফোনত ট্রাম্প-পুতিনৰ দীঘলীয়া বৰ্তালাপ
পাকিস্তানত সংঘৰ্ষত ধৰাশায়ী ১০জন সন্ত্ৰাসবাদী, সেনা বিষয়া নিহত | BulletsIn
হোৱাইট হাউছত দক্ষিণ কোৰিয়াৰ নতুন ৰাষ্ট্ৰপতি লি জে ম্যুঙক ট্ৰাম্পৰ আদৰণি, বাণিজ্য আৰু প্ৰতিৰক্ষাৰ বিষয়ে চৰ্চা
ভাৰতৰ সীমান্তৱৰ্তী নেপালৰ বীৰগঞ্জ চহৰত বিয়পিছে কলেৰা, তিনিজনৰ মৃত্যু, দুই শতাধিক লোক অসুস্থ
অবৈধভাৱে কুৱেইটলৈ যোৱা ৪৭ গৰাকী নেপালী মহিলাক দিল্লী বিমানবন্দৰৰ পৰাই প্ৰত্যাবৰ্তন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দেশত পেট্ৰ’ল-ডিজেলৰ দৰ সুস্থিৰ, খাৰুৱা তেলৰ দৰ ৮৮ ডলাৰৰ ওচৰত
Next Article আজি মুম্বাইত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰিব আৰবিআইৰ ৯০ বৰ্ষপূৰ্তি উদযাপন সমাৰোহ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?