কোকৰাঝাৰ: কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ছেৰফাংগুৰী দাৰুল উলুম মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ উদ্যোগত সোমবাৰে সন্ধিয়া সমূহীয়া ইফতাৰ পাৰ্টীৰ আয়োজন কৰা হৈছিল। ইয়াত বিধায়ক জিৰণ বসুমাতাৰী, বি টি আৰ ই এম ৰণঞ্জিত বসুমাতাৰী, ৰেওৰেওৱা নাৰ্জাহাৰীয়ে অংশ গ্ৰহণ কৰি বিশ্ব শান্তিৰ বাবে দোৱা কৰে ৷ ইফতাৰৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত সংবাদ মাধ্যমৰ আগত কয় যে বি টি আৰ উন্নয়ন ,সম্বনয়ৰ স্বাৰ্থত ইচলাম ধৰ্মালম্বী লোকৰ পৱিত্ৰ মাহে ৰমজান মাহ উপলক্ষে আয়োজিত সমূহীয়া ইফতাৰত অংশ গ্ৰহণ কৰি নিজকে ধন্য হোৱা বুলি ব্যক্ত কৰে ৷
তেওঁ কয় যে বি টি আৰত ভূমিৰ সমস্য আছে সেয়া আমি পৰ্যায় ক্ৰমে সমাধান কৰি আছো ৷ আমি আশাবাদী ২০২৫ চনৰ ১৫ ডিছেম্বৰৰ ভিতৰত সকলো জনগোষ্ঠীৰ ভূমিৰ সমস্যা সমাধান কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে ৷ তেওঁ ইফতাৰত অংশ গ্ৰহণ কাৰী সকলৰ লগত মত বিনিময়ো কৰে ৷
