গোলাঘাট: নুমলীগড় শোধনাগাৰ বাইপাছ টেংকাৰ পাৰ্কিং ষ্টেচনৰ ভিতৰত ভয়ংকৰ দুৰ্ঘটনা ৷ টেংকাৰৰ চেপাত এজনৰ কৰুণ মৃত্যু৷ ইউ পি ৬১ বিটি ৪০৩৬ নম্বৰৰ ১৪ চকীয়া টেংকাৰখন পাৰ্কিঙৰ সময়তে প্ৰায় ২৩ – ২৪ বছৰ বয়সৰ ফিদুছ আলি নামৰ হেন্দিমেনজন টেংকাৰ খনৰ চকাৰ তলত সোমাই পৰে ৷
যাৰ ফলত হেন্দিমেন জনৰ দেহ চকাৰ তলত সোমাই পৰে আৰু থিতাতে নিহত হয়৷ নিহত লোকজন চিৰাং জিলাৰ বুলি জানিব পৰা গৈছে ৷ উল্লেখযোগ্য যে এই টেংকাৰ পাৰ্কিং ষ্টেচনটোত এনে ঘটনা সঘনাই সংঘটিত হোৱাৰ পিছতো শোধনাগাৰ কৰ্তৃপক্ষই কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে৷ এটা পষেকৰ আগতে অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিছত পুনৰ এনে ঘটনা সংঘটিত হোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছ৷ টেংকাৰ পাৰ্কিঙটোৰ বাহিৰে ভিতৰে অধিক যান যঁটৰ ফলত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথতো সময়ে সময়ে ৰাইজ অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ এইক্ষেত্ৰত আৰক্ষী প্ৰশাসনক ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে৷
