হোজাই, : হোজাই আৰক্ষীয়ে যোৱাকালি সন্ধিয়া ড্ৰাগছসহ এজন যুৱকক কৰায়ত্ত কৰে। হোজাই আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আঠটাকৈ ড্ৰাগছভৰ্ত্তি কনতেইনাৰসহ আটক কৰে এজন যুৱকক।
আটকাধীন যুৱক জনৰ নাম দ্বীপ দাস বুলি জানিব পৰা গৈছে। হোজাই থানাৰ চহৰ উপ পৰিদৰ্শক চিন্ময় বৰাৰ নেতৃত্বত চলিছিল এই অভিযান। পূৰ্বৰে পৰা যুৱকজন ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগ আছিল। ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত আছে।
