ধুবুৰী, : আজি পুৱা গোলোকগঞ্জৰ নান্দিনীপাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰ বেগী অল্টো বাহনে খুন্দিয়ালে এগৰাকী মহিলাক।
প্ৰাপ্ত তথ্য়মতে, এএছ ০১ ডিকিউ ০৪৫৬ নম্বৰৰ অল্টো বাহনে খুন্দিয়ালে মজিয়া বিবি নামৰ এগৰাকী মহিলাক। গুৰুতৰ আহত মহিলা গৰাকীক ধুবুৰী মেডিকেল কলেজ হাস্পতাল লৈ প্ৰেৰণ কৰা হৈছে ।
