দৰং,। দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পিছতেই নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে শাসকীয় বিজেপি দলে। দিলীপ শইকীয়াক দৰং- ওদালগুৰি লোকসভা সমষ্টিত বিজেপি দলে প্ৰাৰ্থী হিছাপে ঘোষণা কৰাৰ পিছতেই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মাজবাট বিজেপিৰ কাৰ্যকৰ্তাসকল।
লোকসভা নিৰ্বাচনৰ দিন বাৰ ঘোষণা হোৱালৈ বাট নাচাই মাজবাটত ঘৰে ঘৰে গৈ দলীয় কৰ্মী সকলে চলাইছে নিৰ্বাচনী প্ৰচাৰ। দৰং ওদালগুৰি সমষ্টিৰ পৰা দিলীপ শইকীয়াক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে দলীয় কৰ্মীৰ এই প্ৰচাৰ। দ্বিতীয়বাৰৰ বাবে দিলীপ শইকীয়াক প্ৰাৰ্থীত্ব প্ৰদান কৰাক লৈ উৎসাহিত হৈ পৰে দলীয় কৰ্মীসকল। সমষ্টিটোত দিলীপ শইকীয়াৰ প্ৰতিদ্বন্দ্বী নাই বুলি মন্তব্য কৰিছে দলীয় কৰ্মী সকলে। নিৰ্বাচনৰ দিন-বাৰ আৰু তাৰিখ ঘোষণা কৰাৰ আগতেই মাজবাটত বিজেপি দলৰ বিভিন্ন মৰ্চাৰ কাৰ্যকৰ্তা সকলে ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।
