ভাৰতৰ আগশাৰীৰ মনোৰঞ্জন কোম্পানী যশ ৰাজ ফিল্মছে মুকলি কৰিছে ৱাইআৰএফ কাষ্টিং এপ (YRF Casting App)। এই এপটোৰ জৰিয়তে সমগ্ৰ বিশ্বৰ পৰা ইচ্ছুক অভিনয় প্ৰাৰ্থীয়ে কাষ্টিং কলৰ বিষয়ে তথ্য লাভ কৰাৰ লগতে অডিচন জমা দিব পাৰিব।
প্ৰাৰ্থীসকলে ৱাইআৰএফ কাষ্টিং এপত নিজৰ প্ৰফাইলৰ সবিশেষ পঞ্জীয়ন কৰিব পাৰিব। অতি সোনকালে আপোনালোকে নাট্য ছবি আৰু ষ্ট্ৰীমিং প্ৰজেক্টৰ সৈতে জড়িত আগন্তুক সকলো অডিচনৰ বিষয়েও জানিব পাৰিব। পিছত যশ ৰাজ ফিল্মছে ইয়াক সেউজ সংকেত দিব। কোম্পানীটোৱে বিশ্বাস কৰে যে এই এপৰ জৰিয়তে ভুৱা ৱাই আৰ এফ কাষ্টিং একাউণ্টৰ ফলত সৃষ্টি হোৱা সমস্যাসমূহ বহু পৰিমাণে সমাধান কৰিব পৰা যাব।
