দৰং: চৰকাৰে বিশুদ্ধ খোৱাপানীৰ সু-ব্যৱস্থাৰ বাবে জল জীৱন মিছন আঁচনি ৰূপায়ন কৰি থকাৰ সময়তে দলগাঁৱৰ এখন গাঁৱত বিশুদ্ধ খোৱা পানীৰ তীব্ৰ সংকটে দেখা দিছে। বিশুদ্ধ খোৱাপানীৰ অভাৱত আইৰণযুক্ত ৰঙা পানী পান কৰিছে ৰাইজে। হৰ ঘৰ নল, হৰ ঘৰ জল তথা জল জীৱন মিছন আঁচনিৰ পৰা উপকৃত হোৱা নাই গাঁওখন। ঠিকাদাৰৰ হেমাহীৰ বাবেই বৰ্তমানও জল জীৱন মিছন আঁচনিৰ পৰা বঞ্চিত দলগাঁৱৰ দুলিয়াপাৰা গাঁওবাসী। ঘৰে ঘৰে নল গ’ল ঠিকেই, কিন্তু জল নাপালে ৰাইজে।
উপায়ন্তৰ হৈ গাঁওবাসীয়ে নিতৌ পান কৰিছে অত্যাধিক আইৰণযুক্ত ৰঙা পানী। অব্যৱহাৰ যোগ্য পানী ব্যৱহাৰৰ বাবে অঞ্চলটোত কিডনীৰ ৰোগ, ছালৰ ৰোগৰ লগতে দেখা দিছে বিভিন্ন ৰোগে। ফলত শংকিত হৈ পৰিছে অঞ্চলবাসী। ইফালে এবছৰ অতিক্ৰম হোৱাৰ পিছতো ৰাইজে জল জীৱন মিছন আঁচনিৰ পানী লাভ নকৰাত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। ঠিকাদাৰৰ গাফিলতিৰ বাবেই আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ৰাইজৰ। অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষই পানী নিৰীক্ষণ কৰি গাঁও খনত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰে এক সু-স্বাস্থ্যৰ পৰিৱেশ গঢ়ি তোলাৰ অনুৰোধ জনাইছে দুলিয়াপাৰা গাঁৱৰ ৰাইজে।
