নগাঁও, ফেব্ৰুৱাৰী: নগাঁও জিলাৰ কচুৱাত ড্ৰাগছ বিৰোধী অভিযান চলাইছে আৰক্ষীয়ে। মঙলবাৰে নিশা নগাঁও জিলাৰ কচুৱাৰ পাহাৰতলীত কচুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান চলে।অভিযানত আইজুল ইছলাম নামৰ এজন ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয়।
ধৃত আইজুল হকৰ পৰা ২১ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ সহ আটক কৰে কচুৱা আৰক্ষীয়ে। লগতে নগদ ধন জব্দ কৰে কচুৱা আৰক্ষীয়ে। ধৃত লোকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে কচুৱা আৰক্ষীয়ে।
