ডাম্বুলা, ২০ ফেব্ৰুৱাৰী: শ্ৰীলংকাৰ আগশাৰীৰ স্পিনাৰ ৱানিন্দু হাছাৰংগাই টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১০০ উইকেট দখল কৰা দ্বিতীয়জন শ্ৰীলংকাৰ বলাৰ হিচাপে পৰিগণিত হৈছে।
টি-২০ত ১০০ উইকেট দখল কৰা হাছাৰংগাই সামগ্ৰিকভাৱে একাদশ পুৰুষ খেলুৱৈ আৰু লসিথ মালিংগাৰ পিছত দ্বিতীয় শ্ৰীলংকাৰ বলাৰ হিচাপে পৰিগণিত হয়।
বৰ্তমান শ্ৰীলংকাৰ টি-২০ দলৰ অধিনায়ক হিচাপে থকা লেগ স্পিনাৰগৰাকীয়ে ডাম্বুলাত আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা দ্বিতীয়খন টি-২০ মেচত এই কৃতিত্ব অৰ্জন কৰে।
২০১৯ চনত অভিষেক ঘটোৱাৰ পিছত হাছাৰাংগাই পুৰুষৰ টি-২০ত আন যিকোনো বলাৰতকৈ অধিক উইকেট দখল কৰিছে।
মালিংগা হৈছে আন একমাত্ৰ শ্ৰীলংকাৰ বলাৰ যিয়ে টি-২০ত ১০০ৰো অধিক উইকেট দখল কৰিছে। মালিংগাই ৭৬ সংখ্যক টি-২০ত এই মাইলৰ খুঁটিত উপনীত হোৱাৰ বিপৰীতে হাছাৰংগাই ৬৩ সংখ্যক মেচত এই মাইলৰ খুঁটিত উপনীত হৈছে। এইক্ষেত্ৰত ২০২১ চনত ৫৩খন মেচত এই মাইলৰ খুঁটিত উপনীত হোৱা ৰছিদ খানৰ পিছতে টি-২০ত ১০০ উইকেট দখল কৰাৰ দ্বিতীয় দ্ৰুততম।
সোমবাৰে ডাম্বুল্লাত চাৰি অভাৰত ১৯ ৰান দি ২ উইকেট লোৱা হাছাৰংগাই এতিয়া ৬৩ খন টি-২০ত গড়ে ১৫.৩৬ আৰু ষ্ট্ৰাইক ৰেট ৬.৭৮ ৰে ১০১ টা উইকেট দখল কৰিছে।
তিনিখন খেলৰ শৃংখলাত শ্ৰীলংকাই দ্বিতীয় টি-২০ মেচত আফগানিস্তানক পৰাস্ত কৰি ২-০ ব্যৱধানলত অগ্ৰগতি লাভ কৰিছে।
