বৰপেটা, ২১ ফেব্ৰুৱাৰী : সূতখোৰৰ বিৰুদ্ধে ৰাজ্য়জুৰি অভিযান অব্য়াহত আছে। সুতখোৰৰ বিৰুদ্ধে বৰপেটাৰোডতো চলিছে অভিযান ৷ বৰপেটাৰোড আৰক্ষীৰ অভিযানত নিশা গ্ৰেপ্তাৰ হয় দুই সূতখোৰ ৷
আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ সূতখোৰ দুটাৰ নাম ক্ৰমে উত্তম সাহা আৰু নাছেৰ দেৱানী বুলি জানিব পৰা গৈছে ৷ দুয়োৰে ঘৰ বৰপেটাৰোড চহৰত ৷ মঙলবাৰে নিশা বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ওমপ্ৰকাশ তিৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীয়ে নিজ বাসগৃহৰ পৰাই দুই সূতখোৰক গ্ৰেপ্তাৰ কৰে ৷
