ধুবুৰী, ১১ ফেব্ৰুৱাৰী : ধুবুৰী আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্য়াহত আছে। ধুবুৰী কলেজ নগৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে নিচাযুক্ত কফ চিৰাফ আৰু টেবলেট। ইয়াৰ লগতে এজন সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।
গোপন খবৰৰ ভিত্তিত ধুবুৰী কলেজ ৰোডত আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে ধৃত সৰবৰাহকাৰী ছমিৰ সেখক(৩৯)। ধৃত ছমিৰ সেখৰ ঘৰ ধুবুৰী চহৰৰ ১০ নং ৱাৰ্ড বিদ্যাপাৰাত। সম্প্ৰতি কলেজ নগৰ আৰক্ষীয়ে কৰায়ত্ব কৰি থানালৈ নি জেৰা চলাইছে আৰক্ষীয়ে।
