মুম্বাই, ০৮ ফেব্ৰুৱাৰী। ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৪-২৫ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতি ৪.৫ শতাংশ হ’ব বুলি অনুমান কৰিছে। আৰ বি আইৰ এই অনুমান চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৫.৪ শতাংশ অনুমানতকৈ কম।
বৃহস্পতিবাৰে ইয়াত অনুষ্ঠিত দ্বি-মাহেকীয়া মুদ্ৰানীতি সমিতিৰ পৰ্যালোচনা বৈঠকৰ অন্তত সংবাদমেলযোগে আৰ বি আইৰ গভৰ্ণৰ শক্তিকান্ত দাসে কয় যে ২০২৪-২৫ বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতি ৪.৫ শতাংশ হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয় যে অহা বছৰ যদি বাৰিষা স্বাভাৱিক হয় তেন্তে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে গ্ৰাহক মূল্য সূচকাংকৰ ভিত্তিত মুদ্ৰাস্ফীতি ৪.৫ শতাংশ হ’ব বুলি অনুমান কৰা হৈছে। প্ৰথম ত্ৰৈমাসিকত ৫ শতাংশ, দ্বিতীয় ত্ৰৈমাসিকত চাৰি শতাংশ, তৃতীয় ত্ৰৈমাসিকত ৪.৬ শতাংশ আৰু চতুৰ্থ ত্ৰৈমাসিকত ৪.৭ শতাংশ হ’ব বুলি আশা কৰা হৈছে। কিন্তু ইয়াৰ বিপদ দুয়োফালে সমান।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এই দায়িত্ব আৰ বি আইক অৰ্পণ কৰিছে যে চি পি আই ভিত্তিক মুদ্ৰাস্ফীতি যাতে দুই শতাংশৰ তাৰতম্যৰে চাৰি শতাংশত থাকে।
