কোকৰাঝাৰ, ০৪ ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় ভাৰত-ভূটান সীমান্তৰ ১৬৯/৫ নং স্তম্ভৰ সমীপত সীমান্ত পোষ্ট দাদগিৰি সাশাস্ত্ৰ সীমা বলৰ দলে ভূটানী সুৰাসহ এজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।
আজি এছ এছ বিৰ সূত্ৰই জনোৱা মতে, যোৱা নিশা ইণ্ডিয়া-ভূটান গেটৰ সমীপত বাহন অনুসন্ধানৰ সময়ত ভূটানৰ পৰা ভাৰতলৈ গৈ থকা বি পি-৩এ-২১৭৫ নম্বৰৰ এখন বালোৰো কেম্পাৰ বাহন তালাচী চলোৱা হয়। গাড়ীখনৰ পৰা বৃহৎ পৰিমাণৰ ভূটানী সুৰা উদ্ধাৰ কৰা হয়। এই গোচৰত চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।
চালকজন গণেশ কুমাৰ বছনেট (৩৯, ভূটান) বুলি চিনাক্ত কৰা হৈছে। এছ এছ বিয়ে জব্দ কৰা অবৈধ সুৰা আৰু চালকসহ বাহনখন হাতীচৰৰ লেণ্ড কাষ্টম অফিচত অধিক ব্যৱস্থা গ্ৰহণৰ বাবে গতাই দিয়ে।
