গুৱাহাটী, ০৪ ফেব্ৰুৱাৰী: গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল জনসভা। এই জনসভাৰ পৰায়ে আজি প্ৰধানমন্ত্ৰী মোদীয়ে শিলান্যাস তথা শুভাৰম্ভ কৰিলে ১১,৬০০ কোটি টকাৰ ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্প তথা আঁচনিৰ। প্ৰধানমন্ত্ৰীয়ে এক খোলা বাহনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ সৈতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ যায় আৰু এই বিশাল জনসভাত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে এই জনসভাক সম্বোধন কৰি একপ্ৰকাৰে ইয়াৰ পৰায়ে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণডংকা বজায়। ইফালে প্ৰধানমন্ত্ৰীয়ে খানাপাৰাৰ পৰায়ে ৪৯৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া কামাখ্যা কৰিডৰ, ৩৫৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া গুৱাহাটীত নতুন বিমানবন্দৰ টাৰ্মিনেলৰ পৰা ছয় লেনৰ পথ, নেহৰু ষ্টেডিয়ামক ফিফাৰ মানদণ্ডৰ এক ষ্টেডিয়াম হিচাবে বিকশিত কৰা (৮৩১ কোটি টকা ব্যয় সাপেক্ষে) আৰু চন্দ্ৰপুৰত এটা নতুন ক্ৰীড়া প্ৰকল্প (৩০০ কোটি টকা), প্ৰধানমন্ত্ৰী মোদীয়ে অসম মালা ৰোড প্ৰকল্পৰ দ্বিতীয় সংস্কৰণো মুকলি কৰে। এই পৰ্যায়ত ৪৩ টা নতুন পথ আৰু ৩৮ খন কংক্ৰিট দলং অন্তৰ্ভুক্ত থাকিব, যাৰ বাবে মুঠ ৩,৪৪৪ কোটি টকা বিনিয়োগ কৰা হ’ব। তদুপৰি প্ৰধানমন্ত্ৰী মোডীয়ে ৩,২৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালৰ একত্ৰিত নতুন ভৱনৰো আধাৰশিলা স্থাপন কৰে।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোডীয়ে ৫৭৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগা প্ৰস্তাৱিত কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰু গুৱাহাটীত ২৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগা ইউনিটি মলৰ আধাৰশিলাস্থাপন কৰে। আনহাতে প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ ১,৪৫১ কোটি টকা ব্যয়েৰে বিকশিত নৱনিৰ্মিত চাৰি লেনৰ পথ আৰু ৫৯২ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ডোলাবাৰীৰ পৰা জামুগুৰিলৈ আন এটা চাৰি লেনৰ পথো উদ্বোধন কৰে। এই অনুষ্ঠানৰ পিছতে প্ৰধানমন্ত্ৰীয়ে পুনৰ দিল্লীলৈ বুলি ৰাওনা হয়।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে সন্ধিয়া উৰিষ্যাৰ পৰা গুৱাহাটীত উপস্থিত হৈছিল। গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীক গায়ন বায়নেৰে আদৰি অনা হৈছিল। নিশা প্ৰধানমন্ত্ৰীয়ে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত নিশাতো কটায়। ইয়াতে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰে এক বৈঠকতো মিলিত হয় প্ৰধানমন্ত্ৰী।
