ধুবুৰী, ০২ ফ্ৰেব্ৰুৱাৰী : চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আজি চাপৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। পুনৰ আৰক্ষীৰ অভিযানত জব্দ ৭ টাকৈ চোৰাং গৰু। চাপৰ বজাৰৰ সংলগ্ন চম্পাৱতী নৈ’ৰ কাষেৰে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় চোৰাং গৰু।
আৰক্ষীৰ উমান পাই ঘটনাস্থলীৰ পৰা চোৰাং গো-সৰবৰাহকাৰী পলাই যায় বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।
