২০২৪ বৰ্ষৰ আৰম্ভণি হৈছে এক শক্তিশালী ৰূপত। ভক্ষক ছবিখনৰ বিস্ফোৰক ট্ৰেইলাৰ দৰ্শকৰ সন্মুখত প্ৰকাশ পাইছে। ছবিখনত অভিনেত্ৰী ভূমি পেডনেকাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে আৰু সাই তামহাংকৰে এজন আৰক্ষী বিষয়াৰ চৰিত্ৰত দেখা গৈছে। এটা সঁচা ঘটনাৰ আধাৰত নিৰ্মিত ছবি ভক্ষক। অহা ৯ ফেব্ৰুৱাৰীত মুক্তি পাব ছবিখন অ’টিটি প্লেটফৰ্ম নেটফ্লিক্সত।
নেটফ্লিক্সৰ ইউটিউবত মুকলি কৰা এই ২ মিনিট ৩৮ ছেকেণ্ডৰ ট্ৰেইলাৰত শক্তিশালী সংলাপ শুনিবলৈ পোৱা যায়। ছবিখনত ভূমিয়ে এগৰাকী মহিলা সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁক অতি সহজ ৰূপত দেখা গৈছে। বৈশালী সিঙৰ চৰিত্ৰত অভিনয় কৰিছে। এই ছবিখনত আশ্ৰয় গৃহৰ নামত ছোৱালীৰ বিৰুদ্ধে সংঘটিত হোৱা জঘন্য অপৰাধ উন্মোচিত হ’ব। ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখন। এই ছবিখন পৰিচালনা কৰিছে পুলকিতে। ছবিখনৰ প্ৰযোজক হৈছে গৌৰী খান আৰু গৌৰৱ বৰ্মা।
মাৰাঠী চলচ্চিত্ৰ জগততে নহয়, বলীউডতো নিজৰ অভিনয়ৰ যাদু দেখুৱাইছিল ছাই তামহাংকৰে। ইয়াৰ পূৰ্বে ছাইয়ে হাণ্টাৰ, মিমি আৰু ইণ্ডিয়া লকডাউনত অভিনয় কৰিছিল। এতিয়া ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে এই নতুন ছবিখন লৈ দৰ্শকৰ সন্মুখলৈ আহিছে। লগতে মাৰাঠী ভাষাত তেওঁৰ ছবি শ্ৰীদেৱী প্ৰসন্ন অহা ২ ফেব্ৰুৱাৰীত সকলোতে মুক্তি পাব। এই দুয়োখন ছবিৰ অভিনয়েৰে ছাইয়ে পুনৰবাৰ দৰ্শকৰ হৃদয় জয় কৰিব।
