লখিমপুৰ, ২৭ জানুৱাৰী। অসমীয়া মাধ্যমক লৈ অসম চৰকাৰে কেবিনেট বৈঠকত লোৱা সিদ্ধান্তৰ বিৰোধীতাৰে আছুৰ আজি চাইকেল ৰেলী । উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰ নগৰত বাহিৰ কৰিলে বৃহৎ চাইকেল ৰেলী ।
কোনো কাৰণতেই অসমীয়া মাধ্যম বিৰোধী সিদ্ধান্ত কাৰ্যকৰী কৰিবলৈ নিদিয়ে সদৌ অসম ছাত্ৰ সন্থাই। এই হুংকাৰ আছুৰ জিলাৰ সাধাৰন সম্পাদক স্বৰাজ শংকৰ গগৈৰ । চৰকাৰ বিৰোধী শ্ল”গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক আছু কৰ্মীয়ে ।
