শিৱসাগৰ, ১৭ জানুৱাৰী (হি স)। কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ভাৰত জোদো ন্যায় যাত্ৰা অসমত প্ৰৱেশৰ ঠিক পূর্বে বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত ন্যায়ৰ দাবীত ব্যাপক পোষ্টাৰ লগোৱা হয়। বহিস্কাৰ কৰা ভাৰতীয় যুৱ কংগ্ৰেছৰ নেত্ৰী অংকিতা দত্তই ন্যায় নেপাব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে?
পোষ্টাৰখনত ভাৰত জোড়ো যাত্ৰাৰ সময়ত তোলা ৰাহুল গান্ধী আৰু অংকিতা দত্তৰ ফটো দেখুওৱা হৈছে। যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাস বিৱিৰ বিৰুদ্ধে হাৰাশাস্তিৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল দত্তক। পোষ্টাৰত লিখা আছিল অংকিতাৰ বাবে ন্যায় আৰু নাৰীয়ে প্ৰতিদিনে সন্মুখীন হোৱা অন্যায়ত ভাগৰি পৰিছে নেকি?
যোৱা বছৰ অংকিতা দত্তই যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে শ্ৰীনিবাসৰ বিৰুদ্ধে হাৰাশাস্তি আৰু বৈষম্যৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পিছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে অংকিতাক কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰিছিল। তেওঁৰ উত্তৰত সন্তুষ্ট নহৈ কংগ্ৰেছে তেওঁক সংগঠন বিৰোধী কাৰ্যকলাপৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰে।
হিন্দুস্থান সমাচাৰ/শ্ৰী প্ৰকাশ/মনোজ/অৰবিন্দ
