নতুন দিল্লী, ২০ ডিছেম্বৰ (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই কয় যে আজি আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই দেশত গণ আন্দোলনৰ ৰূপ ধাৰণ কৰিছে। এই আঁচনিখনেই হৈছে বিশ্বৰ ভিতৰতে সৰ্বোত্তম স্বাস্থ্যসেৱা আঁচনি যাৰ জৰিয়তে দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলৰ বাবেও স্বাস্থ্য সেৱা নিশ্চিত কৰা হৈছে।
বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে কথা পাতি অৰ্জুন মুণ্ডাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰৰ অগ্ৰাধিকাৰত স্বাস্থ্য খণ্ডই অতি গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো নাগৰিককে উন্নত স্বাস্থ্য সুবিধা প্ৰদানৰ দিশত কাম কৰি আছে। এই দিশত প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলক ফিট ইণ্ডিয়া আন্দোলনৰ সৈতে সংযোগ কৰিছে। যুৱক-যুৱতীসকল যদি ফিট হৈ থাকে তেন্তে দেশৰ উন্নয়নত অংশগ্ৰহণ নিশ্চিত কৰিবলৈ সক্ষম হ’ব।
তেওঁ কয় যে দুৰ্গম অঞ্চলত বসবাস কৰা লোকসকলক মনত ৰাখি দেশখনক টিবিমুক্ত ভাৰত কৰাৰ দিশত মিছন মোডতো কাম আৰম্ভ কৰা হৈছে। ইয়াৰ লগে লগে শেহতীয়াকৈ জনজাতি মন্ত্ৰালয়ৰ সৈতে স্বাস্থ্য মন্ত্ৰালয়ে আৰম্ভ কৰিছে ছিকেল চেল এনিমিয়া নিৰ্মূলকৰণ অভিযান-২০৪৭। ৭.৫ কোটি লোকৰ জনসংখ্যাৰ কথা মনত ৰাখি আৰম্ভ কৰা হৈছে বিশ্বৰ এই অভিনৱ কাৰ্যসূচী। তেওঁ কয় যে ১৯৫৬ চনত ছিকেল চেল এনিমিয়া দেখা গৈছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক নিৰ্মূলৰ দিশত কাম আৰম্ভ কৰিছিল। এই অভিযানত এতিয়ালৈকে ৯০ লাখ তথ্য সৃষ্টি কৰা হৈছে। ১৬ লাখ লোক ছিকেল চেল এনিমিয়াৰ বাহক বুলি ধৰা পৰিছে।
অৰ্জুন মুণ্ডাই কয় যে আজি দেশত স্বাস্থ্যসেৱা আৰু গৱেষণা প্ৰতিষ্ঠান হিচাপে ২৩টা এইমছ আছে, ইয়াৰে তিনিটা নিৰ্মাণৰ কাম চলি আছে। সেইটোও অতি সোনকালে সম্পূৰ্ণ হ’ব। তেওঁ কয় যে আয়ুষ্মান ভাৰত কাৰ্ড নিৰ্মাণৰ লগে লগে আজি ১.৩৭ লাখৰো অধিক জন আৰোগ্য মন্দিৰত বিকাশ ভাৰত সংকল্প যাত্ৰা অভিযানৰ অধীনত মানুহৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে। ৰাইজৰ বাবে আয়ুষ্মান কাৰ্ড তৈয়াৰ কৰা হৈছে যাৰ জৰিয়তে তেওঁলোকে এবছৰত ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য সেৱা লাভ কৰিব পাৰিব।
ক’ৰোনাৰ নতুন ভেৰিয়েন্ট সন্দৰ্ভত তেওঁ কয় যে বুধবাৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যৰ সৈতে বৈঠকত মিলিত হৈছে যদিও ৰাইজেও সজাগ হৈ থকাটো প্ৰয়োজন।
হিন্দুস্থান সমাচাৰ/ বিজয়লক্ষ্মী/মনোজ
