মুম্বাই, ১৪ ডিছেম্বৰ (হি.স.): খুব কমেইহে আকৰ্ষণীয় স্মাৰ্টফোন মুকলি কৰা প’কোৱে এতিয়া নিজৰ নতুন ফোন মুকলি কৰাৰ কথা ঘোষণা কৰিছে। পোকো ইণ্ডিয়াই নিজৰ অফিচিয়েল এক্সত পোষ্ট কৰি দেশত পোকো চি৬৫ (Poco C65) লঞ্চৰ তাৰিখ ঘোষণা কৰিছে। যোৱা মাহত বিশ্বজুৰি মুকলি কৰা হৈছিল পোকো চি৬৫ । অহা ১৫ ডিছেম্বৰ, ২০২৩ তাৰিখে দিনৰ ১২ বজাত দেশত উন্মোচন কৰা হ’ব এই হেণ্ডছেটটো।
ইফালে কোৱা হৈছে যে ই হৈছ শেষবাৰৰ বাবে মুকলি কৰা ৰেডমি ১৩চি ৪জি (Redmi 13C 4G)ৰ ৰিব্ৰেণ্ড। পোকো ইণ্ডিয়াৰ মুৰব্বী হিমাংশু টেণ্ডনে আনুষ্ঠানিকভাৱে জনাইছে যে ১৫ ডিছেম্বৰত দেশত পোকো চি৬৫ ফোন আত্মপ্ৰকাশ কৰিব। টিজাৰ ইমেজত ফ্লিপকাৰ্টৰ ল’গ’ আছে, যিয়ে ফোনটোৰ অনলাইন উপলব্ধতা নিশ্চিত কৰিছে। পোষ্টাৰৰ ছবিখনত ফোনটোৰ পূৰ্বৰ ডিজাইন আৰু নতুন বেঙুনীয়া ৰঙৰ বিকল্প দেখুওৱা হৈছে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
