– নিউজক্লিক গোচৰত ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত জাননী প্ৰেৰণ
নতুন দিল্লী, ১৬ নৱেম্বৰ (হি.স.)। আমেৰিকাৰ কোটিপতি নেভিল ৰয় সিংহামক সোধা-পোছাৰ বাবে নতুনকৈ চমন জাৰি কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। নিউজক্লিক গোচৰত ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ) ২০০২ চনৰ বিধানৰ অধীনত নেভিল ৰয় সিংহামক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জাননী জাৰি কৰিছে।
বৃহস্পতিবাৰে চৰকাৰী সূত্ৰই জনোৱা মতে, অনলাইন নিউজ পৰ্টেল নিউজক্লিকৰ সৈতে জড়িত গোচৰটোৰ সোধা-পোছাৰ বাবে ইডিয়ে আমেৰিকাৰ কোটিপতি নেভিল ৰয় সিংহামক নতুনকৈ চমন জাৰি কৰিছে। পিএমএলএৰ বিধান অনুসৰি ইডিয়ে সিংঘামক এই চমন জাৰি কৰিছে। চীনৰ চাংহাইৰ ব্যৱসায়ী ৰয় সিংহামৰ বিৰুদ্ধে ভাৰতত চীনৰ অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উঠিছে।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে সিংহামলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ জৰিয়তে তেওঁৰ ই-মেইল আইডি আৰু চীন চৰকাৰী চেনেলৰ জৰিয়তে এই চমন প্ৰেৰণ কৰিছে। অনুমান কৰা হৈছে যে ২০২১ চনত গোচৰৰ তদন্ত আৰম্ভ হোৱাৰ পিছত যোৱা বছৰ জাৰি কৰা চমনৰ পিছত ইডিয়ে নেভিল ৰয় সিংহামলৈ প্ৰেৰণ কৰা এইটোৱেই দ্বিতীয়টো চমন।
কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে এই গোচৰৰ ২৫ জনতকৈ অধিক লোকৰ বক্তব্য লিপিবদ্ধ কৰিছে, য’ত নিউজক্লিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থও আছে। যোৱা বছৰ ইডিয়ে পুৰকায়স্থৰ সৈতে জড়িত দক্ষিণ দিল্লীৰ সাকেটত ৪.৫২ কোটি টকাৰ এটা ফ্লেট জব্দ কৰিছিল। অৱশ্যে চীনৰ সপক্ষে পৃষ্ঠপোষকতাত বাতৰি চলোৱাৰ বাবে চীনৰ কোম্পানীসমূহৰ জৰিয়তে ৩৮ কোটি টকাৰ পুঁজি লাভ কৰাৰ অভিযোগত নিউজ পৰ্টেল নিউজক্লিকে উচ্চ ন্যায়ালয়ৰ পৰা গোচৰসমূহ বাতিল কৰিবলৈ বিচাৰিছে।
হিন্দুস্থান সমাচাৰ/প্ৰজেশ/অৰৱিন্দ/মনোজ
