












































ওদালগুৰি, ১২ ডিছেম্বৰ ( হি স)। ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে সোমবাৰে নিশা প্ৰায় ৮-৩০ মান বজাত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ১০৭ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। যোৱা নিশা ২৩ নম্বৰ এছ এছ বিৰ জোৱান আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অসম – অৰুণাচল সীমান্ত এলেকাৰ সোনাজুলিৰ অৰুণাচল পাহাৰৰ ঘন অৰণ্যৰ পৰা ১০৭ কেজি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়।
উল্লেখ্য যে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশৰ উমান পায় ভাং ব্যৱসায়ী সকলে ভাং এৰি ঘন অৰণ্যত আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। পিছত লালপানী আৰক্ষীয়ে ভাং খিনি মাজবাট থানালৈ লৈ আহে । এই সংক্ৰান্তত মাজবাট আৰক্ষীয়ে ৭৬/২৩ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ভাং খিনিৰ আনুমানিক মূল্য ১৩ লাখ টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
