বাক্সা, ০৮ ডিচেম্বৰ (হি.স.)। বাক্সাৰ বাৰেঙাবাৰীত কালি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্রণ হেৰুৱাই বাগৰি পৰিল তীব্ৰ বেগী ব’লেৰ পিকআপ ভান। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন যুৱক। ঘটনাস্থলীত স্থানীয় বাঁহবাৰী আৰক্ষী উপস্থিত হৈ আহত যুৱক দুজনক তাৎক্ষণিকভাৱে শালবাৰী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
দুৰ্ঘটনাগ্ৰস্ত ব’লেৰ পিকআপ ভান খনৰ নম্বৰ এএছ ২৮ এচি ১৮৬৮ । উল্লেখ্য, তীব্ৰবেগী বাহন খনেৰে হাউলীৰ ৰাস চাবলৈ গৈছিল বাক্সাৰ বাঘমাৰৰ এটা ১৩ জনীয়া যুৱক- যুৱতীৰ দল। বাহন খনৰ চালক গৰাকীয়ে অত্যাধিক সুৰা সেৱন কৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো। ইতিমধ্যে চালক গৰাকীক আটক কৰিছে আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /ৰমেন/আলোক.
