
হেজাই, ২৪ ডিচেম্বৰ (হি.স.) । বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলা হত্যা হিংসাৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ মাজতে লংকাত যোৱা কালি মঙলবাৰে সন্ধিয়া বাংলাদেশৰ মৌলবাদীৰ বিৰুদ্ধে বজৰং দলে জোঁৰ সমদল বাহিৰ কৰে ।
বাংলাদেশত অতি নিৰ্দয়ভাৱে হিন্দু যুৱক দিপু চন্দ্ৰ দাসৰ হত্যাৰ প্ৰতিবাদত বজৰং দলে চহৰখনত জোঁৰ লৈ সাৱ্যস্ত কৰে প্ৰতিবাদ। বাংলাদেশৰ অন্তবৰ্তীকালীন চৰকাৰৰ মুৰব্বী ড০ ইউনুছৰ প্ৰতিমূৰ্তিও দাহ কৰে প্ৰতিবাদকাৰী সকলে। প্ৰতিবাদকাৰী সকলে হিন্দু হত্যা বন্ধ কৰক, হত্যাকাৰীক ফাঁচি দিয়ক আদি শ্ল’গান দি পৰিস্থিতি উত্তাল কৰি তোলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
