শিৱসাগৰ, ০৭ ডিছেম্বৰ (হি স)। শিৱসাগৰ জিলা নামতিপুলত মহিলাৰ দ্বাৰা প্ৰদৰ্শন কৰাত হয় ‘দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মবলি পতন’ ভাওনা । হিন্দু আৰু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনেৰে ঐক্যৱদ্ধভাৱে অনুষ্ঠিত হ’ল মহিলাৰ ভাওনা। ভাওনা খনিত স্থানীয় হিন্দু আৰু মুছলমানৰ যুৱতী আৰু বোৱাৰীয়ে ভাওনাৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি হাজাৰ হাজাৰ দৰ্শকক মুগ্ধ কৰাৰ লগতে বিপুল হৰ্ষ ধ্বনি লাভ কৰিবলৈ সক্ষম হয়।
ভাওনাত ইছলামধৰ্মী যুৱতীয়ে বহুকেইটা চৰিত্ৰত অভিনয় কৰি প্ৰকৃত অৰ্থত সাম্প্ৰদায়িক সমন্বয়ৰ এই শক্তিশালী আহিলা ৰূপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা দেখা যায়। ভাওনা কাৰ্যসূচীত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া উপস্থিত থাকে।
উল্লেখ্য যে মহাপুৰুষ শংকৰদেৱৰ অমূল্য সৃষ্টি ভাওনাৰ সফলতাৰ বাবে অঞ্চলটোৰ মহিলা সমাজে নিজৰ দৈনন্দিন ঘৰুৱা কাম কাজ আৰু জঞ্জালৰ পাছত বিগত ভালেমান দিন ধৰি অনুশীলন চলাইছিল। ভাওনা খনৰ গীত নৃত্য বিৰহ কাতৰ সকলো দৃশ্য অতি নিপুণ ভাৱে দৰ্শক বিৰক্ত নোহোৱাকৈ দাঙি ধৰিবলৈ সক্ষম হয়।
উল্লেখ যোগ্য যে এই ভাওনাই বৃহত্তৰ নামতি অঞ্চলত সাম্প্ৰদায়িক একতা আৰু সম্প্ৰীতিৰ এনাজৰীডাল সুদৃঢ় কৰাত এই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
