কণ্ঠশিল্পী তথা অভিনেতা দিলজিৎ দোছাঞ্জৰ আগন্তুক ছবি ‘চৰ্দাৰ জী-৩’ৰ বাবে এইকেইদিন বাতৰিৰ শিৰোনাম দখল কৰিছে, য’ত তেওঁ পাকিস্তানী অভিনেত্ৰী হানিয়া আমিৰৰ সৈতে দেখা যাব। এই কাষ্টিঙৰ বাবে ছ’চিয়েল মিডিয়াত তেওঁক তীব্ৰভাৱে ট্ৰ’ল কৰা হৈছে। একাংশ লোকে তেওঁক পাকিস্তানৰ সমৰ্থক বুলি ক’বলৈ আৰম্ভ কৰিছে। কিন্তু দিলজিতে এই বিতর্কৰ প্রত্যক্ষ প্রতিক্রিয়া প্রদান কৰা নাই৷ কিন্তু শেহতীয়াকৈ হোৱা এটা কথা-বতৰাত তেওঁ নিশ্চিতভাৱে ইংগিতেৰে নিজৰ কথাটো আগবঢ়াইছিল।
‘চৰ্দাৰ জি-৩’ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছতে সমালোচনাৰ সন্মুখীন হৈছে দিলজিত দোসাঞ্জ। ছ’চিয়েল মিডিয়াত তেওঁক পাকিস্তানৰ সমৰ্থক বুলি কোৱা হৈছে আৰু একাংশ ইউজাৰেও তেওঁক দেশদ্ৰোহী আখ্যা দিছে। এই বিতৰ্কৰ মাজতে দিলজিৎ দোসাঞ্জে এক সাক্ষাৎকাৰত নিজৰ মতামত ব্যক্ত কৰে। তেওঁ কয়, দেশৰ মাজত যুদ্ধ চলি আছে আৰু এই পৰিস্থিতিৰ ওপৰত আমাৰ কোনো নিয়ন্ত্ৰণ নাই। মই বিশ্বাস কৰোঁ যে সংগীত হৈছে এনে এক মাধ্যম যিয়ে সীমান্তৰ সিপাৰে মানুহক সংযোগ কৰে। মই নিজকে সৌভাগ্যৱান বুলি গণ্য কৰোঁ যে মই দেশৰ মাজত প্ৰেম আৰু বুজাবুজি বিয়পোৱা কিবা এটাৰ অংশ। এই বক্তব্যৰ জৰিয়তে দিলজিতে স্পষ্ট কৰি দিছে যে তেওঁৰ উদ্দেশ্য কেতিয়াও বিতৰ্ক বা বিভাজন সৃষ্টি কৰা নাছিল, বৰঞ্চ তেওঁ নিজৰ কামৰ সৈতে মানুহক সংযোগ কৰিব বিচাৰে।
দিলজিতে আৰু কয়, মই ভাবো আমি কেৱল দেশতে সীমাবদ্ধ হৈ থকা উচিত নহয়, বৰঞ্চ পৃথিৱী মাতৃৰ কথাহে চিন্তা কৰা উচিত। এই সকলোবোৰ সীমা একেখন পৃথিৱীৰ অংশ আৰু মইও ইয়াৰ অংশ। ৰাজনীতি এখন বেলেগ পৃথিৱী, আৰু মই ইয়াত সোমাই কোনো ভুল কৰিব নিবিচাৰো। প্ৰতিটো মুহূৰ্ত মোৰ বাবে বহুমূলীয়া আৰু মই ইয়াক সম্পূৰ্ণৰূপে জীয়াই থাকিব বিচাৰো, কোনো ভয় বা বাধা নোহোৱাকৈ। দিলজিতৰ এই কথাৰ পৰা স্পষ্ট হৈ পৰে যে তেওঁ নিজকে সীমাৰ বাহিৰত বিশ্বব্যাপী শিল্পী বুলি গণ্য কৰে, যিয়ে নিজৰ সংগীত আৰু অভিনয়ৰ জৰিয়তে প্ৰেম আৰু ঐক্যৰ বাৰ্তা দিব বিচাৰে।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী
