ধুবুৰী, ০৭ ডিছেম্বৰ (হি.স.): ধুুবুৰী জিলাৰ গৌৰীপুৰৰ সাহেৱগঞ্জ বজাৰত যোৱাকালি নিশা চুৰি কাণ্ডৰ ঘটনা সংঘটিত হয়। আঠ (৮) খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰৰ চাফাই অভিযান চলে। বহু লক্ষাধিক টকাৰ সা- সামগ্ৰীৰ লগতে নগদ ধন লৈ উধাও চোৰৰ। ঘটনা স্থলীত উপস্থিত বালাজান আৰক্ষীৰ দল। গেলামাল, কেঁচামাল, সাৰৰ দোকান আৰু ফাৰ্মেচীকে ধৰি আঠখনকৈ দোকানৰ পৰা টকাৰ লগতে সা সামগ্ৰী লুটি লয় চোৰে।
ইফালে আজি পুৱা তলা ভঙা অৱস্থাত দেখি খবৰ দিয়ে বালাজান আৰক্ষীক। আৰক্ষীৰ দল এটি উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ড্ৰাগছ আসক্ত যুৱকে চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ ৰাইজৰ ।মদ, ড্ৰাগছ, জুৱাকে ধৰি বিভিন্ন অসামাজিক কামৰ বৃদ্ধি হোৱাৰ বাবে দিনক দিনে চুৰিকাণ্ড বৃদ্ধি পাবলৈ ধৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
