আইজল, ০৪ ডিছেম্বৰ (হি.স.) মিজোৰাম বিধানসভাৰ ৪০ খন আসনৰ ভোটগণনাৰ প্ৰথম পৰ্যায়ত শাসকীয় এম এন এফ ৯, জেড পি এম ১৮, কংগ্ৰেছ ৫ আৰু বিজেপি এখন আসনত আগবাঢ়ি আছে। ৰাজ্যৰ ১৩টা গণনা কেন্দ্ৰ আৰু ৪০টা গণনা হলত পুৱা ৮ বজাৰ পৰা গণনা চলি আছে।
ডাক বেলটৰ গণনা সম্পূৰ্ণ হোৱাৰ পিছত ইভিএমৰ ভোট গণনা কৰা হ’ব। ৩৯৯খন ইভিএম টেবুল আৰু ৫৬খন ডাক বেলট টেবুল স্থাপন কৰা হৈছে। ১৮গৰাকী মহিলা প্ৰাৰ্থীকে ধৰি মুঠ ১৭৪গৰাকী প্ৰাৰ্থীয়ে এইবাৰ খেলপথাৰত নামিছে। শাসকীয় মিজো নেশ্যনেল ফ্ৰণ্ট (এম এন এফ), মূল বিৰোধী দল জোৰাম পিপলছ মুভমেণ্ট (জেড পি এম) আৰু কংগ্ৰেছে আটাইকেইখন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। বিজেপি আৰু আম আদমী পাৰ্টিয়ে ক্ৰমে ২৩ আৰু চাৰিখন আসনত নিজৰ ভাগ্য চেষ্টা কৰিছে। ২৭ গৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়েও প্ৰতিদ্বন্দ্বিতাত নামিছে। এই প্ৰতিদ্বন্দ্বিতা ঘাইকৈ এমএনএফ আৰু জেডপিএমৰ মাজত হ’ব বুলি অনুমান কৰা হৈছে। ২০১৮ চনৰ নিৰ্বাচনত এম এন এফে ২৬ খন, জেড পি এম ৮ খন, কংগ্ৰেছে ৫ খন আৰু কেৱল বিজেপিয়ে লাভ কৰিছিল।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ
