গোলাঘাট, ০৪ ডিছেম্বৰ ( হি স)। গোলাঘাট জিলাৰ বোকাখাতৰ বৰজুৰিত এজন য়ুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। মৃতদেহটো লতাবাৰিৰ চিঞা চাওঁতাল বুলি চিনাক্ত কৰা হৈছে। কালি দুপৰীয়া নিজ গৃহৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল ২৬ বছৰীয়া যুৱকজন।
আজি পুৱা বোকাখাত বৰজুৰিৰ বাগিচাৰ পথৰ দাঁতিত চিঞা চাওঁতালৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বোকাখাত আৰক্ষী ঘটনা স্থলীত উপস্থিতহৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যা কাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে।
হিন্দুস্থান সমাচাৰ/নিৰ্মলেন্দু/মনোজ
