কোহিমা (নাগালেণ্ড), ০৩ ডিছেম্বৰ (হি.স.)। নাগালেণ্ডৰ টাপি সমষ্টিৰ উপ-নিৰ্বাচনত পোনপটীয়া অগ্ৰগতি লাভ কৰিছে নেচনেলিষ্ট ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি চমুকৈ এনডিপিপিয়ে। উল্লেখযোগ্য যে পুৱাৰে পৰা টাপি সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা চলি আছে। এনডিপিপিৰ প্ৰাৰ্থী ৱাংপাং কন্যাকে বিৰোধী প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীত কৈ আগুৱাই গৈছে।
আজি ওলাবলগীয়া উপ-নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ প্ৰাৰ্থী ভাংগলেম কন্যাক অন্যতম প্ৰতিদ্বন্দ্বী। নগালেণ্ডৰ মন জিলাৰ টাপি বিধানসভা আসনত আজি পুৱা ০৮ বজাৰ পৰা উপ-নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হয়। ইয়াৰ ২৩টা ভোটকেন্দ্ৰত যোৱা ৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। উল্লেখযোগ্য যে ২৮ আগষ্টত এন ডি পি পিৰ বিধায়ক ন’কে ৱাংগনাওৰ মৃত্যুৰ পিছতে উপ-নিৰ্বাচন ঘোষণা কৰা হৈছিল।
এই উপ-নিৰ্বাচনত মুঠ ১৫,২৫৬ জন ভোটাৰ আছিল, য’ত আছিল সাত হাজাৰ ৭৮৮ জন পুৰুষ আৰু সাত হাজাৰ ৪৬৮ গৰাকী মহিলা। সমষ্টিটোৰ ২৩টা ভোটকেন্দ্ৰৰ ভিতৰত ৭টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ আৰু ৬টা অতি স্পৰ্শকাতৰ বুলি চিনাক্ত কৰা হৈছিল।
ভোটদানৰ দিনা ব্যাপক নিৰাপত্তা ব্যৱস্থাৰ মাজতে ৯৬.২৫ শতাংশ ভোটদান সংঘটিত হয়।
হিন্দুস্থান সমাচাৰ/শ্ৰীপ্ৰকাশ/মনোজ
