
–অটোৰ খুন্দাত থিতাতে মৃত্যু অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰীৰ
–উত্তেজিত ৰাইজৰ শিলচৰ মণিপুৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ
কাছাৰ, ৩০ নৱেম্বৰ (হি.স.): শিলচৰ মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰৰ বাদ্ৰীপাৰত যোৱাকালি নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ যাত্ৰীবাহী অটোৰ খুন্দাত থিতাতে মৃত্যু হৈছে লক্ষী কৈৰি নামৰ ৭০ বছৰীয়া এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষত্ৰীৰ।
জানিব পৰা মতে, অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গৰাকী ঘৰৰ সামগ্ৰী লৈ দোকানৰ পৰা উভতি যোৱাৰ সময়ত পিছপিনে অহা এখন দ্ৰুতগতিৰ যাত্ৰীবাহি অটো বাহনে খুন্দা মাৰে ৷ ফলত ঘটনাস্থলীত মৃত্যু হয় অৱসৰপ্ৰাপ্ত শিক্ষয়ত্ৰী গৰাকীৰ ৷ ইপিনে দুৰ্ঘটনা সংঘটিত কৰি অটো বাহন খনে পলায়ন কৰাত উত্তেজিত হৈ পৰে স্থানীয় লোকসকল। আৰু উত্তেজিত লোক সকলে অৱৰোধ কৰে শিলচৰ মণিপুৰ ৰাষ্ট্ৰীয় ঘাইপথ । ঘাতক বাহন কৰায়ত্ত সহ মৃতকৰ পৰিয়ালৰ আৰ্থিক সাহায্য প্ৰদানৰ দাবী এই অৱৰোধ চলে প্ৰায় দুঘণ্টা। পিছে প্ৰশাসনৰ পালৰ পৰা আশ্বাস পাই অৱৰোধ মুক্ত কৰে উত্তেজিত লোকসকলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
