কোকৰাঝাৰ,২১ নৱেম্বৰ (হি.স.)। অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ সোনকোষ নদীৰ পৰা তামাৰহাট হৈ ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত চলিছে অভাৰলোড শিল ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম। গভীৰ নিদ্ৰাত কোকৰাঝাৰ বন বিভাগ, ধুবুৰী বন বিভাগ, কোকৰাঝাৰ পৰিবহন বিভাগ, ধুবুৰী পৰিবহন বিভাগ, কোকৰাঝাৰ আৰক্ষী আৰু ধুবুৰী আৰক্ষী।
অভিযোগ অনুসৰি, এখন চালানেৰে দুবাৰ তিনিবাৰকৈ এখন ডাম্পাৰে চলাইছে অভাৰলোড শিলভৰ্তিৰ ৰমৰমীয়া বেহা। অভাৰলোড শিলভৰ্তি ডাম্পাৰৰ দৌৰাত্মৰ ফলত ধুবুৰী কচুগাওঁ গৰকাপ্তানী পথৰ অৱস্থা দূৰৱস্থাত পৰিগণিত হোৱা পৰিলক্ষিত হৈছে। লগতে ডাম্পাৰৰ দৌৰাত্মৰ ফলত শ্ৰীৰামপুৰৰ পৰা গোলকগঞ্জলৈকে পথ দূৰ্ঘটনা সংঘটিত হৈ আহিছে। অতি সোনকালে অভাৰলোড শিলভৰ্তি ডাম্পাৰৰ দৌৰাত্ম বন্ধ নহলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/ৰমেন/আলোক.
